ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিযুক্ত বৰপেটাৰ যুৱক

 06/11/2019 - 12:03

ডিজিটেল ডেস্কঃবিশ্বৰ অন্যতম সামৰিক শক্তিধৰ ৰাষ্ট্ৰ ভাৰতৰ সেনা বাহিনীৰ লেফটেণেণ্ট পদত নিয়োজিত হৈছে বৰপেটাৰ ২০ বছৰীয়া যুৱক৷ কমিছনাৰ ৰেংকৰ সমপৰ্যায়ৰ ৰেংক লেফটেণেণ্ট পদত অধিষ্ঠিত হৈ বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা এই যুৱক গৰাকী হৈছে বৰপেটা চহৰৰ গান্ধী নগৰৰ দেৱাংগ ভূষণ দাস৷

বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক দিলীপ দাস আৰু অৰ্থনীতি বিভাগৰ অধ্যাপিকা কৃষ্ণা দাসৰ দ্বিতীয় পুত্ৰ দেৱাংগ ভূষণ দাসৰ এই সাফল্যৰ খবৰে সমগ্ৰ বৰপেটাতে আনন্দৰ সৃষ্টি কৰিছে৷দেশৰ সেৱা আগবঢ়োৱাৰ মানসিকতা, একাগ্ৰতা আৰু পিতৃ মাতৃৰ পৰা লাভ কৰা প্ৰেৰণাৰ বাবেই আজি দেৱাংগ ভূষণ দাসে অতি কম বয়সতে ভাৰতীয় সেনাৰ উচ্চ পদস্থ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈকে পঢ়া দেৱাংগ ভূষণ দাসে পৰৱৰ্ত্তী সময়ত ডেৰাডুণত থকা ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজত অষ্টম শ্ৰেণীত নাম ভৰ্ত্তি কৰে৷

উল্লেখ্য যে, সেই সময়ত অসমৰ পৰা কেৱল দেৱাংগ ভূষণ দাসেই উক্ত প্ৰতিষ্ঠানত নাম ভৰ্ত্তি কৰাৰ যোগ্যতা অৰ্জন কৰে৷ উক্ত প্ৰতিষ্ঠানৰ পৰাই কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ পিচতে নেচনেল ডিফেন্স একাডেমীত তিনি বছৰীয়া পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰে আৰু তাত প্ৰশিক্ষণ সমাপ্ত কৰে৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় মিলিটাৰী একাডেমীত এবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিচত লেফটেণেণ্ট পদত নিয়োজিত হয় দেৱাংগ ভূষণ দাস৷ যোৱা ৮ জুনত দেৱাংগ ভূষণ দাসক উক্ত পদত নিযুক্তি দিয়া হয়৷ এতিয়াৰে পৰা ৰাজপুতানা ৰাইফলচৰ লেফটেণেণ্ট হিচাপে দায়িত্ব চম্ভালিব দেৱাংগ ভূষণ দাসে৷ উল্লেখ্য যে, দেৱাংগ ভূষণ দাসৰ জ্যেষ্ঠ ভাতৃ সিদ্ধাৰ্থ দাসো ভাৰতীয় সেনাৰ এগৰাকী উচ্চ পদস্থ বিষয়া৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।