জামুগুৰিহাটৰ সমীপৰ নাগশংকৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

 09/20/2022 - 19:00
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ নাগশংকৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন আজি অনুষ্ঠিত হৈ যায়। সমবায় সমিতি খনৰ কাৰ্য্যালয় ভৱনত সভাপতি জ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নাগশংকৰ সমবায় সমিতিৰ যোৱা সাধাৰণ সভাৰ কাৰ্য্যবিৱৰণী পাঠ, ২০২১-২২ বৰ্ষৰ কাৰ্য্যকৰী কমিটিৰ হৈ সম্পাদকীয় প্ৰতিবেদন পাঠ , বিভাগীয় হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ, আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰি  গ্ৰহনৰ ব্যৱস্থা কৰা হয়৷ ইয়াৰ পিছতে বাৰ্ষিক সাধাৰন সভাই ২০২২-২৩ চনৰ বাবে সাম্ভাব্য বাজেট গ্ৰহণ কৰি, ঋণৰ সৰ্ব্বোচ সীমা নিৰ্দ্ধাৰণৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰে। নাগশংকৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰন সভা খনিত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, চতিয়া ৩ নং গাঁও পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া, দক্ষিণ নাগশংগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ৱতী দেৱী, নাগশংকৰ ষ্টেডিয়াম পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বাণেশ্বৰ বৰাকে ধৰি বিশষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।