ডুমডুমাত বিজেপি দলৰ শতাধিক কাৰ্যকৰ্তা আম আদমি পাৰ্টীত যোগদান

 09/20/2022 - 19:23
 
 
 
ডুমডুমাঃ ডুমডুমাৰ মাৰোৱাৰী পঞ্চায়তী ভৱনত অনুষ্ঠিত আম আদমি পাৰ্টীৰ এক সভাত ডুমডুমা সমষ্টিৰ শতাধিক বিজেপি কৰ্মী আপ দলত যোগদান কৰে| আপৰ ৰাজ্যিক সমিতিৰ উপসভাপতি মনোজ ধানোৱাৰ, ৰাজ্যিক আপ মহিলা শক্তিৰ উপ:সভানেত্ৰী অনামিকা দাস, ৰাজ্যিক যুৱ শক্তিৰ উপ:সভাপতি বাবুল বিকাশ চেতীয়া আৰু তিনিচুকীয়া জিলা সম্পাদক ফিৰুজ আলি আজিৰ সভাত উপস্থিত থাকি জনবিৰোধী বিজেপি দলৰ বিকল্প হিচাপে আম আদমি পাৰ্টীক অসমৰ ৰাইজে আকোৱালি লোৱা বুলি কয়| উল্লেখযোগ্য যে, বিজেপি শাসিত পঞ্চায়ত সমুহত দুৰ্নীতি অভিযোগ তুলি আৰু দল তথা চৰকাৰৰ কাৰ্য্য কলাপত বিতুষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰা বুলি জানিবলৈ দিয়ে একাংশ বিজেপি কৰ্মীয়ে| আনহাতে আপৰ ৰাজ্যিক নেতা মনোজ ধানোৱাৰে ডুমডুমা সমষ্টিৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাক "ফিতা কটা" বিধায়ক অবিহিত কৰি কয় যে বিধায়ক গৰাকীয়ে কেৱল "ফিতা কটাত ব্যস্ত থকা দেখিবলৈ পোৱা যায় আৰু সাধাৰণ ৰাইজৰ ওচৰলৈ অহাৰ পৰা বিৰত থাকে বিধায়ক গৰাকীয়ে| লগতে নেতা গৰাকীয়ে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে হে জনগোষ্ঠী সমুহৰ সমস্যা সমাধান হব বুলি কয়| বিজেপি আৰু কংগ্ৰেছ দলৰ বহু কৰ্মী অচিৰেই আম আদমি পাৰ্টীত যোগদান কৰিব বুলি জানিবলৈ দিয়ে নেতা গৰাকীয়ে| 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.