আহত সিংহ অধিক বিপদজ্জনক

 06/11/2019 - 12:12

ডিজিটেল ডেস্কঃ মমতা-মোডীৰ যুঁজ এতিয়াও তুংগত আছে। বিজেপি আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজৰ সংঘাতত শনিবাৰে পশ্চিমবংগৰ ২৪ উত্তৰ পৰগণাত ৩ জন লোকৰ মৃত্যু ঘটিছিল। ইফালে সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে পশ্চিম বংগত হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰাৰ বাবে চেষ্টা চলাই আছে।

লগতে তেওঁ পশ্চিম বংগৰ তৃণমূল চৰকাৰ ভংগ কৰাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ ৰচা বুলিও অভিযোগ কৰে।সোমবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মমতা বেনাৰ্জীয়ে কয়, ‘বিজেপিয়ে পশ্চিম বংগত হিংসা বিয়পোৱাৰ চেষ্টা চলাইছে আৰু যিকোনো প্ৰকাৰে তৃণমূলক শাসনৰ পৰা উফৰাই পেলাবলৈ ষড়যন্ত্ৰ ৰচিছে। বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে আমাৰ মুখ বন্ধ কৰিব বিচাৰিছে। কাৰণ সমগ্ৰ দেশত বিজেপিৰ বিৰুদ্ধে মাত মতা বৰ্তমান একমাত্ৰ ময়েই আছো। যদি মোৰ মুখো বন্ধ কৰিব পাৰে, তেন্তে বিজেপিৰ বিৰুদ্ধে থিয় হওতা আন কোনো নাই।

কিন্তু বিজেপিয়ে মনত ৰখা উচিত যে আহত সিংহ অধিক বিপদজ্জনক হয়।’ তেওঁ কয়, ‘কোনো এখন দেশত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰো সমানে দায়ী। কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে সেই দায় স্বীকাৰ নকৰি সেয়া কেৱল তৃণমূল কংগ্ৰেছৰ ওপৰত জাপি দিছে। এয়া বিজেপিৰ ষড়যন্ত্ৰ নহয় কি? বিজেপিয়ে দলৰ কৰ্মকৰ্তাসকলক হিংসা সৃষ্টিৰ বাবে প্ৰৰোচিত কৰি আহিছে।’ আনহাতে বিজেপিয়ে বিভিন্ন ছ’চিয়েল নেটৱৰ্কিং ৱেবচাইটৰ জৰিয়তে ভুৱা খবৰ কিছুমান প্ৰচাৰ কৰাৰ বাবে কোটি কোটি টকা ব্যয় কৰি আহিছে বুলিও অভিযোগ কৰে মমতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।