আমগুৰিঃ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ভগামুখৰ সঞ্জীৱ দত্তৰ মৃতদেহ। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱালিব থানাৰ পৰা পূৱ দিশৰ প্ৰায় ১২ কিলোমিটাৰ নিলগৰ গৱলীপাড়া পৌমণ তাপচই নামৰ অঞ্চলৰ পৰা ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ সঞ্জীৱৰ মৃতদেহ। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই হত্যাকাৰী। কৰ্মৰ সন্ধানত গৈ বহিঃৰাজ্যত ৰহস্যজনক অৱস্থাত মৃত্যুক সাৱটিব লৈছে যোৰহাট জিলাৰ ভগামুখ থানা এলেকাৰ লাহোৱাল ভিতৰুৱালৰ তিনি কন্যা সন্তানৰ পিতৃ সঞ্জীৱ দত্ত নামৰ এজন ৪১ বছৰীয়া ব্যক্তিয়ে।
সঞ্জীৱ দত্তই যোৱা ৪ জুনত কৰ্মসংস্থাপনৰ উদেশ্যে ভগামুখ পেকমণিয়াৰ চিত্ৰ শইকীয়া নামৰ ব্যক্তিজনৰ লগত ৰেল যোগে গুজৰাটলৈ গৈছিল। গুজৰাটত কৰ্মসংস্থাপনৰ সুবিধা নোপোৱাত সঞ্জীৱ দত্ত চিত্ৰ শইকীয়াৰ লগত মহাৰাষ্ট্ৰত উপস্থিত হয়। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাচাই অঞ্চলত পূৰ্বৰে পৰা থকা লাহোৱাল পেকমণিয়াৰ অনিল বৰাৰ ওচৰত আশ্ৰয় লৈছিল দুয়োজনে। কিন্তু সেইদিনাই পুৱা ১০:৩০ বজাত চিত্ৰ শইকীয়াই সঞ্জীৱ শুই থকাৰ পৰাই নিৰুদ্দেশ হোৱা বুলি পৰিয়ালক জনায়।
আনহাতে কালি পুৱা সঞ্জীৱৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত সতীৰ্থ সকলে মহাৰাষ্ট্ৰৰ স্থানীয় ৱালিৱ আৰক্ষী থানাত এজাহাৰ দিবলৈ যাওঁতে আৰক্ষীয়ে ৮ জুনত উদ্ধাৰ কৰা এটা অচিনাক্ত মৃতদেহৰ ফটো দেখুওৱাত সতীৰ্থসকলে মৃতদেহটো সঞ্জীৱৰ বুলি চিনাক্ত কৰে আৰু পৰিয়ালক অৱগত কৰে।
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱালিব থানাৰ পৰা পূৱ দিশৰ প্ৰায় ১২ কিলোমিটাৰ নিলগৰ গৱলীপাড়া পৌমণ তাপচই নামৰ অঞ্চলৰ পৰা ক্ষত বিক্ষত অৱস্থাত সঞ্জীৱৰ মৃতদেহটো উদ্ধাৰ কৰিছিল। ইতিমধ্যে মৃত সঞ্জীৱৰ পৰিয়ালে মহাৰাষ্ট্ৰতে সঞ্জীৱৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে যোৰহাট জিলাৰ ভগামুখ আৰক্ষীৰ সহযোগত মহাৰাষ্ট্ৰৰ ৱালিৱ আৰক্ষীৰ লগত যোগাযোগ কৰিছে। মৃত সঞ্জীৱে পত্নী আৰু তিনি কন্যা সন্তান এৰি গৈছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।