আমিনগাওঁ উৰণীয়া সেতুৰ তলত বোমাৰ আতঙ্কঃ এছটিচি বাছৰ পৰা পেলাই গ’ল বিস্ফোৰিত চিলিণ্ডাৰ

 06/11/2019 - 12:27

গুৱাহাটীঃ আমিনগাওঁ চেকপোষ্টত হঠাৎ হুৱাদুৱা  লাগিল । প্ৰাণৰ মমতাত যেনিয়ে তেনিয়ে দৌৰিছে জনতা।  হঠাত আমিনগাওঁ উৰণীয়া সেতুৰ তলত বোমা আতংকত ত্ৰস্তমানহৈ ছত্ৰভংগ দিলে জনতা। ৰাষ্ট্ৰীয় ঘাইপথত বোমা দি যোৱাৰ গুজব ওলোৱাৰ লগে লগে হাহাকাৰ পথযাত্ৰীৰ  মাজত।

আচলতে বোমা নহয়, লিকেজ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এখন এএছটিচি বাছৰ পৰা পেলাই গ’ল কোনো অজ্ঞাত লোকে। পথৰ  দাঁতিত  ধুঁৱলী কুঁৱলী দেখি বনজুইৰ দৰে বিয়পিল বোমাৰ খবৰ। উৰণীয়া সেতুৰ তলত কৰ্তব্যৰত যান বাহন আৰক্ষীয়ে  লিকেজ চিলিণ্ডাৰ  উদ্ধাৰ কৰি লৈ গল সুৰক্ষিত স্থানলৈ।

প্ৰথমে বিস্ফোৰিত চিলিণ্ডাৰ দ খাৱৈত পেলাই সাম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণৰ চেষ্টা  আৰু পাছত নিস্ক্ৰীয় কৰা হ’ল চিলিণ্ডাৰটো। মুঠতে মুখবাগৰা ভয়াৱহ খবৰে গ্ৰীষ্মৰ প্ৰখৰ গৰমত ত্ৰাহি মধুসূধন সুঁৱৰা জনতাই দিকবিদিক হেৰুৱালে। আৰক্ষীয়ে পিছে উদ্ধাৰ কৰিব নোৱাৰিলে চিলিণ্ডাৰৰ গৰাকীক। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল সৰ্থেবাৰীৰ কৃষ্ণগুৰু জন্মজয়ন্তীলৈ যোৱাৰ পুৰ্বেই সংঘটিত এই ভয়াবহ খবৰে আতঙ্কিত  কৰি তুলিলে সকলোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।