06/11/2019 - 12:31
in
নলবাৰীঃ উত্তৰ প্ৰদেশৰ আলিগড়ৰত টুইংকল শৰ্মা নামৰ আঢ়ৈ বছৰীয়া এটি শিশুক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদ নলবাৰীতো ধ্বনিত হয়।
হিন্দু জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিৰ বহু সংখ্যক সদস্যই কালি সন্ধিয়া নলবাৰী সদৰ থানাৰ সম্মূখৰ ঘূৰণীয়া উদ্যানত দেৱশিশুটিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে।
প্ৰতিবাদকাৰীসকলে টুইংকল হত্যাৰ ন্যায় লাগে, ধৰ্ষণকাৰী হুছিয়াৰ আদি শ্ল'গান লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীসকলে শিশুক বলাৎকাৰ কৰি হত্যা কৰা নৰপিশাচক ফাঁচী দিয়াৰো দাবী তোলে।