10/05/2022 - 19:01
in
চাপৰঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মজয়ন্তী। সমগ্ৰ ৰাজ্যতে পালন কৰি আছে গুৰুজনাৰ জন্ম মহোৎসৱটি। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত চাপৰ আৰেয়াৰঝাৰৰ ৰাস মন্দিৰ প্ৰাংগনত উলহ-মালহেৰে দুদিনীয়া কাৰ্য্যসূচীৰে গুৰুজনাৰ ৫৭৪ তম জন্ম মহোৎসৱটি পালন কৰা পৰিলক্ষিত হয়। নাম কিৰ্তনৰ লগতে হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে গোটেই চাপৰ অঞ্চল। ৫ অক্টোবৰ অৰ্থাৎ বুধবাৰ দিনা ৰাতিপুৱা প্ৰথমে পতাকা উত্তোলন পিছত ৰাতিপুৱাৰ প্ৰভাত ফেৰী কৰি ডেকা বুঢ়াৰ নাম কীৰ্তন কৰাৰ লগতে কুইজ,চিত্ৰাংকন ,বৰগীত প্ৰতিযোগিতা কৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি প্ৰথম দিনাৰ কাৰ্য্যসূচী সমাপ্ত কৰিব আৰু দ্বতীয় দিনা অৰ্থ্যাৎ ৬ অক্টোবৰ বৃহস্পতিবাৰ দিনা গধূলিৰ পৰা ওৰে নিশা আমন্ত্ৰিত নাম দলৰ থিও নাম অনুষ্ঠিত হব বুলি উদযাপন সমিতিয়ে জানিব দিয়ে।