নাৰায়ণপুৰ প্ৰেছ ক্লাৱত ৰাইজৰ দলৰ সংবাদ মেল

 10/06/2022 - 15:27
 
 
নাৰায়্ণপুৰঃ মাজুলীৰ কণমানি উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ গৰজি উঠিছে এইবাৰ ৰাইজৰ দল। স্বাস্থ্য বিভাগৰ চৰম গাফিলটিৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলি দাবী কৰিছে ৰাইজৰ দলে। এই ঘটনাৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীক বিভাগীয় তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজৰ দলে। অন্যহাতে অসমৰ স্বাস্থ্য বিভাগত চলি থকা এই পুতৌজনক অৱস্থাৰ উচিত তদন্ত কৰি তেজস্বিতা বৰুৱাৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজৰ দলে৷
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।