10/09/2022 - 20:18
in
নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলুৱা গাঁওস্থিত ঐতিহ্যমণ্ডিত দলুৱা শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগণত আজি দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে শ্ৰীশ্ৰী লক্ষ্মী পূজাখনি উদযাপন কৰা হয়। কাৰ্যক্ৰমণিকা অনুসৰি পুৱা স্বচ্ছতা অভিযানৰ পিচতে ধৰ্মীয় পতাকা উত্তোলন কৰে দলুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি সুৰেন তালুকদাৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ,গছপুলি ৰোপণ, খেল-ধেমালি, আয়তীৰ নাম পৰিৱেশিত হয়। দিনৰ ১২ বজাত আয়তীৰ দিহা নাম প্ৰতিযোগিতাখনি উদ্বোধন কৰে লেখক-সাহিত্যিক তথা বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ সমল ব্যক্তি সুভাষ বৰ্মনে। বৰ্মনে দিহা নাম প্ৰতিযোগিতাখনি উদ্বোধন কৰি নিজৰ ভাষণত দিহা নামৰ তত্ব আৰু প্ৰাংগিকতা সম্পৰ্কে বিতং বক্তব্য আগবঢ়ায়। তেওঁ কয় যে সত্ৰ আৰু নামঘৰত নিৰ্দিষ্ট নিয়ম অনুসৰি ভকত-বৈষ্ণৱে শংকৰোত্তৰ যুগৰ পৰাই দিহা নামৰ চৰ্চা কৰি আহিছে। ভক্তি ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ সমান্তৰালভাৱে সমাজ সুখময়, মধুময় আৰু আলোকময় কৰাত নাম প্ৰসংগই প্ৰত্যক্ষভাৱে, পৰোক্ষভাৱে আৰু প্ৰকাৰন্তৰে সহায় কৰা আহিছে।অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে সাংবাদিক দ্বীজেন ডেকা, ফাইজুল হক চৌধুৰী আদি বিশিষ্ট ব্যক্তিসকল। আয়তীৰ দিহা নাম প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০১ টকা লাভ কৰে আৰধানা নামতি দল বৰভাগ, দ্বিতীয় পুৰস্কাৰ ২০০১ টকা পাবলৈ সক্ষম হয় বিষ্ণু মন্দিৰ নামতি দল, বৰভাগ আৰু জুপিতৰা কলিতাৰ দল, সন্ধাই তৃতীয় পুৰস্কাৰ ১০০১ টকা লাভ কৰে। আবেলি ৪ বজাত প্ৰতিমা স্থাপিত হয়। ৪-৩০ বজাত বঁটা বিতৰণী অনুষ্ঠান আৰু পূজা আৰম্ভ হোৱাৰ পাছত সন্ধিয়া বজাত নাগাৰা নাম পৰিৱেশন কৰিব নাগাৰা নামৰ বিশিষ্ট পাঠকদ্বয় শংকৰ মালাকৰ আৰু অখিল ডেকাই।