ঢকুৱাখনাৰ ঘিলামৰাত আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উদযাপন

 10/14/2022 - 12:00
 
 
 
 
ঢকুৱাখনাঃ ঢকুৱাখনা সোৱনশিৰি ৰাজহ চক্ৰ কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱসটি উদযাপন কৰা হয়। বানপানীৰ কবলৰ পৰা কেনেকৈ বাচিবৰ বাবে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে চক্ৰ বিষয়া লম্বিত হাজৰিকা ই আন্তঃৰাষ্ট্ৰীয় দূযোগ প্ৰশমন দিৱস তাপৰ্য ব্যাখ্যা  আৰু  সপ্তাহ যোৰা কাৰ্যসূচীৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে। এই দিৱস লগত সংগতি ৰাখি স্থানীয় প্ৰশাসনে সাজু কৰা ঢকুৱাখনা  নাট্য দলটিয়ে এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। ১৯অক্টোবৰলৈকে চক্ৰটিৰ কেইবাটাও স্থানত সজাগতা সভা আৰু বাটৰ নাট প্ৰদৰ্শন কৰি  দুৰ্যোগৰ সময়ত উদ্ভৱ হোৱা  পৰিস্থিতি কি দৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে স্থানীয় ৰাইজক সজাগতা অনাৰ প্ৰয়াস কৰা হব বুলি জনাইছে।
  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।