10/14/2022 - 19:32
in
বৰপেটাঃ বৰপেটা পৌৰসভাৰ খেল পথাৰত আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে৷ অগপৰ সভাপতি অতুল বৰাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰে। ইপিনে প্ৰতিষ্ঠা দিৱস উপলক্ষে অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কুমাৰ দীপক দাস,ফণীভূষণ চৌধুৰী, ভূপেন ৰয়, নুৰুল ইছলাম, গুনীন্দ্ৰ নাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাস, সত্যব্ৰত কলিতা আদি অগপৰ বহু নেতাই অংশ লয়৷
মুকলি সভাৰ আৰম্ভণিতে শ্বহীদ পৰিয়ালসমুহক দলৰ সভাপতি অতুল বৰাসহ কেন্দ্ৰীয় নেতৃবৰ্গই সম্বৰ্ধনা জনায়৷ অগপ সভাপতি অতুল বৰাই মুকলি সভাত প্ৰদান কৰা বক্তব্যত দলক শক্তিশালী কৰাৰ স্বাৰ্থত স্বাগত সতীৰ্থ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৷ অগপই স্বাগত সতীৰ্থ অভিযানৰ জৰিয়তে দলত নতুনকৈ ২৫ লাখ নতুন সদস্য ভৰ্তিৰ লক্ষ্য লোৱা বুলিও মন্তব্য কৰে৷ কাইলৈৰ পৰাই অগপৰ স্বাগত সতীৰ্থ অভিযান কাৰ্যসূচী আৰম্ভ হ'ব বুলিও ঘোষণা কৰে অতুল বৰাই৷
আনহাতে ২১ ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কেবাটাও নতুন ৰাজনৈতিক দল গঠন হোৱাৰ কথা উল্লেখ কৰি অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় দলৰ নাম সলনি কৰি ভূঞা ট্ৰাষ্ট দল কৰাৰ আহ্বান জনায় অতুল বৰাই৷ অসম গণ পৰিষদক অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল বুলি অভিহিত কৰি অগপক শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ আনকি অগপ শক্তিশালী হলে আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হলে অসমৰ স্বাৰ্থ সুৰক্ষিত হোৱা বুলি উল্লেখ কৰে৷ ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মাটিৰ পৰা কংগ্ৰেছ উৎখাট হ'ব বুলিও মন্তব্য কৰে৷ ইপিনে যিকেইটা সমষ্টি অগপ মিত্ৰজোঁটৰ হাতত নাই সেইকেইটা সমষ্টি উদ্ধাৰৰ চেষ্টা চলাব অগপই৷ ইপিনে বৰপেটা আসনখনৰ ওপৰত অগপই চকু ৰাখিছে বুলিও উল্লেখ কৰে অগপই৷