ছয়গাঁও কাণ্ডৰ ষষ্ঠজন অভিযুক্তক আদালতত হাজিৰ: দুদিনৰ আৰক্ষীৰ জিম্মাত আতিকুল ইছলাম

 06/12/2019 - 11:46

গুৱাহাটী: ছয়গাঁৱৰ জঘন্য কাণ্ডত জড়িত পাঁচ আটক অভিযুক্তক ন্যায়িক জিম্মাত লোৱাৰ পাছত ষষ্ঠজন অভিযুক্তক মঙলবাৰে আটক কৰা হয়। আতিকুল ইছলামক কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ৩ নং আদালতত হাজিৰ কৰাৰ পাছত আৰক্ষীয়ে আতিকুল ইছলামক পাঁচ দিনৰ জিম্মাত বিছাৰে।

কিন্তু কামৰূপ দণ্ডাধীশৰ আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে আতিকুল ইছলামক। উল্লেখ্য যে ৯ জুনত ছয়গাঁও আৰক্ষীয়ে আচল পাৰা গাঁৱৰ ছোবাহান খান, ছাহাৰুল খান, নিজামুদ্দি, ৰহমত আলি আৰু সঞ্জয় চৌধুৰীক আটক কৰিছিল। আজি আচল পাৰাৰ পৰা ছয়গাওঁ কাণ্ডৰ ষষ্ঠজন অভিযুক্ত আতিকুল ইছলামক আটক কৰি আমিনগাঁও কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আৰক্ষীয়ে দুদিন নিজ জিম্মাত লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।