10/21/2022 - 16:01
in
বৰপেটাঃ ২০ অক্টোবৰৰ পৰা বৰপেটাৰ চেঙাত অনুষ্ঠিত হৈছে সদৌ অসম অসম ভিত্তিত নৈশ প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা। চেঙা বেছিক খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে চেঙা মুছলমান পাৰা গাঁও পঞ্চায়তৰ সভাপতি মিৰ্জানুৰ ৰহমানে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন লগতে চেঙা অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি। প্ৰতিযোগিতা খনিৰ উদ্বোধনী অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নেকিবৰ সুৰীয়া সংগীতানুষ্ঠানে উপস্থিত দৰ্শকক মুগ্ধ কৰে। শুভ উদ্বোধনী খেলখনত প্ৰতিদ্বন্দিতা আগবঢ়াই নামনি অসমৰ অন্যতম শক্তিশালী দুই ফুটবল দল কোকৰাঝাৰ এফ চি আৰু ব্যাসকুছি ভট্টদেৱ ক্ৰীড়া সন্থাই। তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত কোনো এটি দলে গল দিব নোৱাৰাত খেলখন অমীমাংসিত হৈ ৰয়। শেষত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰ জৰিয়তে কোকৰাঝাৰ এফ চি দলে ব্যাসকুছি ভট্টদেৱ ক্ৰীড়া সন্থাক ৪-৩ গলত পৰাজিত কৰি বিজয়ী হয়। তীব্ৰ উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ খেলখন বৰপেটাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰে।