মন্ত্ৰীৰ সমষ্টিৰ বাঁহৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

 03/14/2019 - 20:22

লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম পঞ্চায়তৰ কাকৈ লাইমেকুৰি হাজং গাঁও আৰু নভঙীয়া হাজং গাঁও সংযোগী কাকৈ নৈৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনৰ শোচনীয় অৱস্থাই জীয়াতু ভোগাইছে অঞ্চলবাসীক। উক্ত জৰাজীৰ্ণ দলংখনেৰে এই অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকল বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে যদিও কাণষাৰ নাই জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ।

উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টিত থকা এই বাঁহৰ দলংখনে প্ৰতিফলিত কৰিছে পৰিৱৰ্তনৰ শ্ল’গান দি গাদী দখল কৰা বিজেপি চৰকাৰৰ উন্নয়ণৰ ফোপোলাস্বৰূপ। বহু বছৰ ধৰি অঞ্চলবাসী ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ দলংখন নিৰ্মাণ কৰে যদিও বাৰিষা যাতায়তৰ উপযোগী হৈ নুঠে।

অঞ্চলবাসী ৰাইজে জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰে যদিও আজি পৰ্যন্ত গুৰুত্ব নাই। এইবাৰৰ বাৰিষাৰ পূৰ্বে দলংখন নিৰ্মাণ কৰি ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে অঞ্চলবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।