ৰাষ্ট্ৰীয় কাৰাটেত পদক অৰ্জনেৰে বৰপেটালৈ গৌৰৱ কঢ়িয়ালে ভাতৃ-ভগ্নীয়ে

 06/17/2019 - 14:29

জনীয়াঃ অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপৰ গুৱাহাটী নেহেৰু ষ্টেডিয়ামত(ৰাষ্ট্ৰীয় কাৰাটে)ত বৰপেটা জিলাৰ ভুলুকাবাৰী গাঁৱৰ বাবুল শিকদাৰৰ সন্তান শিকদাৰ ছালমা পাৰবিনে সোণৰ পদক পাবলৈ সক্ষম হৈছে, য’ত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগতেও ছালমাই ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত চাৰিবাৰ অংশগ্ৰহণ কৰি এক বাৰ ৰূপ আৰু তিনিবাৰ সোণৰ পদক পাবলৈ সক্ষম হৈছিল।আনহাতে বাবুল শিকদাৰৰ আন এক সন্তান শিকদাৰ স্বাকিল বাসাৰে দেওবাৰে খেলখনত ৰূপৰ পদক আনিবলৈ সক্ষম হয়।

অৱশ্যে ইয়াৰ আগত স্বাকিলে ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত চাৰিবাৰ অংশগ্ৰহণ কৰি এটা ব্ৰঞ্জৰ পদক আৰু এখনত ৰূপৰ পদক আনিবলৈ সক্ষম হৈছিল। একেদিনত একেখন ঘৰৰ পৰা একেলগে দুয়োজনে একেখন ষ্টেডিয়ামৰ পৰা অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপত ছালমাই সোণৰ আৰু স্বাকিলে ৰূপৰ পদক পোৱাত জনীয়া প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদক, বৰপেটাৰ জিলা ডিজিটেল সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদক, আমছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক মনিৰুজ জামানে শুভেচ্ছা জনায়। লগতে অঞ্চলবাসী আনন্দত আত্মহাৰা হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।