দেৰগাঁও নাগৰিক মঞ্চ গঠনঃ চাৰিটা মৌজা সামৰি বিভিন্ন কৰ্ম আঁচনি প্ৰস্তুত

 06/17/2019 - 15:01

দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত দেৰগাঁও, কাকডোঙা, গুৰুযোগনীয়া আৰু মিছামৰা এই চাৰিটা মৌজাৰ বৃহৎ এলেকা সামৰি সমগ্ৰ অঞ্চলটোৰ প্ৰাকৃতিক পৰিবেশ সংৰক্ষন, শৈক্ষিক দিশৰ উত্তৰণ ঐতিহাসিক কৃতিচিহ্নৰ সংৰক্ষন আৰু বিভিন্ন জলন্ত সমস্যাসমূহৰ সমাধান সূত্ৰ বিচৰাৰ লক্ষ্যৰে দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত অনুষ্ঠিত সভাত বৃহত্তৰ দেৰগাঁও নাগৰিক মঞ্চ নামৰ এক অনুষ্ঠান গঠন কৰা হয়। ড° মৃদুল কুমাৰ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত প্ৰথমেই বিশিষ্ট সাহিত্যিক নুৰুল চুলতানে সভাৰ উদ্দেশ্য বাখ্যা কৰে।

উদ্দেশ্য বাখ্যাৰ শিতানত নুৰুল চুলতানে মূলত দেৰগাঁও ৰাজহ চক্ৰ এলেকাৰ ভিতৰত গছপুলি ৰোপন, জলাশয় সংৰক্ষন, বংশবৃদ্ধিৰ সময়ত মৎস নিধন বন্ধ, কাকডোঙাকে ধৰি বিভিন্ন নৈ বিলত বিহ দি মৎস নিধন বন্ধ কৰা, পলিঠিনৰ ব্যৱহাৰ ৰোধ কৰা, নেঘেৰিটিং শিৱ দলৰ এলেকাক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা, দেৰগাঁৱত এখন ডিগ্ৰী কলেজ স্থাপন, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰনকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সমূহ বিষয়ক শৃখংলাবদ্ধভাবে আগবঢ়াই নিয়াৰ বাবে বৃহত্তৰ দেৰগাঁও নাগৰিক মঞ্চ গঠনৰ কথা উল্লেখ কৰে। নুৰুল চুলতানৰ উদ্দেশ্য বাখ্যাৰ পিছতে উদ্দেশ্য সৰ্ন্দভত বিশিষ্ট প্ৰকৃতিপ্ৰেমী তৰুণ হাজৰীকা, বিশিষ্ট ব্যৱসায়ী প্ৰদীপ খাদৰীয়া, যুৱ সমাজকমী প্ৰশান্ত প্ৰদীপ হাজৰীকা, চিৰাজুল ইছলাম ,বিপুল দাস, পৱিত্ৰ ভূঞা, কাজু ৰবিদাস, ভাস্কৰজ্যোতি বৰদলৈ, ঘনকান্ত পেগু, বিক্ৰম দাস আদি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰি দেৰগাঁৱৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষন, শৈক্ষিক দিশৰ উত্তৰণৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহন কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

সভাত সকলো দিশৰ বিতং আলোচনাৰ অন্তত সাহিত্যিক নুৰুল চুলতানক সভাপতি , প্ৰশান্ত প্ৰদীপ হাজৰীকা, পৱিত্ৰ ভূঞা, ভাস্কৰজ্যোতি বৰদলৈ, ৰানাপ্ৰকাশ বৰুৱা, দেৱকান্ত কুৰ্মীক উপসভাপতি আৰু বেদভূষন বৰাক সাধাৰন সম্পাদক, বিপুল দাস, প্ৰাৰ্থপ্ৰতীম শইকীয়াক যুটীয়া সম্পাদক, কাজু ৰবিদাস, কুমুদ বৰাক প্ৰচাৰ সম্পাদক, সুব্ৰত পৰাশৰক পৰিকল্পনা সম্পাদক, ঘনকান্ত পেগু ,বিজয় হাজৰীকা দীপক শইকীয়া, দিলৱাৰ হুচেইন, চিৰাজুল ইছলাম ,বিধান বৰদলৈ, বিক্ৰম দাস আৰু জয়ন্ত কুৰ্মীক সাংগঠনিক সম্পাদক আৰু জিসান জংগম বৰাক বিত্ত সম্পাদক হিচাপে লৈ বৃহত্তৰ দেৰগাঁও নাগৰিক মঞ্চৰ ৩১ জনীয়া এখন সবল কমিটি গঠন কৰা হয়। সভাই অতি সোনকালে এই সমিতিৰ উদ্যোগত হাতত লোৱা কৰ্ম আঁচনিৰ বিভিন্ন কাম-কাজ আৰম্ভ কৰাৰ পোষকতা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।