কামপুৰৰ তেতেলীসৰাৰ গ্ৰাণ্ট গাঁৱত ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

 10/30/2022 - 12:09
 
 
 
কামপুৰঃ শৰতৰ স্নিগ্ধ জোনাক নিশা ৰাস উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি লৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। পিছপৰি ৰোৱা নাই কামপুৰ অঞ্চলো। শৰতৰ পূৰ্ণিমা নিশা ৰাস কেলি কৰিবৰ বাবে কামপুৰৰ গাঁৱে-ভূঞে চলিছে ব্যাপক প্ৰস্তুতি। এইয়া কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্ট গাঁৱৰ দৃশ্য। প্ৰাকৃতিক দুৰ্যোগত সৰ্বহাৰা হোৱা গাঁওখনত সকলো দুখ দুৰ্দশাৰ কথা পাহৰি মহাপুৰুষ জনৰ সৃষ্টিৰাজীক প্ৰাণ দিবলৈ ব্যস্তু হৈ পৰিছে গাঁৱৰ ডেকা-গাভৰু; পুৰুষ-মহিলা; বৃদ্ধ-বৃদ্ধা সকলো। অহা ১৩ নম্বেৰত গাঁও খনত অনুষ্ঠিত কৰিব ৰাস উৎসৱ। ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে সকলো। অনুষ্ঠানটোত সকলোৰে সহায় সহযোগিতাৰ কামনা কৰিছে উদ্যোক্তাসকলে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.