জামুগুৰিহাটত ছট পূজাৰ উখল-মাখল পৰিৱেশ

 10/30/2022 - 19:59
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত ছট পূজাৰ উখল মাখল পৰিবেশ সৃষ্টি হৈছে। কাতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা সপ্তমী তিথিলৈ দুদিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ লগতে টৌভঙা আৰু ইটাখোলাত মহা ধুমধামেৰে সূৰ্য ষষ্ঠী অৰ্থাৎ ছট পূজাৰ ব্যপক আয়োজন কৰা দেখা গৈছে। ক’ভিডৰ নীতি-নিয়মৰ বাবে বিগত দুটা বছৰ ছট পূজা উদযাপনৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হৈছিল যদিও এই বেলি ভক্ত সকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ছট পূজা উপলক্ষে এইদৰে জামুগুৰিহাটৰ টৌভঙাৰ বহিমৰা নৈত অস্তগামী সূৰ্যক প্ৰণাম জনাইছে ভক্তপ্ৰাণ ৰাইজে। মনোবাঞ্চা পুৰণাৰ্থে পুনৰ কাইলৈ পুৱতি নিশা উদিত সূৰ্যক পূজা অৰ্চনা কৰিব ভক্তই। এই পূজাত ভক্ত সকলে একঁকাল পানীত নামি সূৰ্য দেৱতাক পূজা কৰে। ছট পূজাৰ বাবে এইদৰে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ লগতে টৌভঙা বহিমৰা নৈ আৰু ইটাখোলাৰ দিকৰাই নৈৰ পাৰত আটক ধুনীয়াকৈ সজাই তোলা হৈছে। ছট পূঁজাক কেন্দ্ৰ কৰি জামুগুৰিহাটত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য যে ছট পূঁজা হিন্দীভাষী বিহাৰী সম্প্ৰদায়ৰ মাজত সীমাবদ্ধ আছিল যদিও বৰ্তমান সময়ত এই পূঁজাই সকলো ভাষা ভাষী ৰাইজক সামৰি লোৱাত এই পূজাস্থলী সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ মিলন ভূমিত পৰিণত হৈছে।
 
 
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।