বঙাইগাঁৱত পকী পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

 06/17/2019 - 16:26

বিজনী: বঙাইগাঁও জিলাৰ জামদহাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত পকী পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ পকী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ কাম সম্পূৰ্ণ হোৱা বুলি ফলক আৰি দিয়াত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰনালয়ৰ পুঁজিৰ অধীনত বঙাইগাঁও জিলাৰ জামদহা ২য় খণ্ডৰ পৰা জামদহা ৬ষ্ঠ খণ্ডলৈ যোৱা পথ পকীকৰণৰ কাম হাতত লয়৷ সেইমতে ১.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ বাবে মেচাৰ্চ জয় ভাৰত কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠান এটাক দায়িত্ব প্ৰদান কৰে৷

৭৬.৪৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই পথটো কাগজে পত্ৰই ২০১৮ চনৰ ১৫ মে'ত আৰম্ভ দেখুৱাই ২০১৯ চনৰ ১৪ মে'ত সমাপ্ত কৰে৷ আনহাতে এই পথছোৱাত এক-দুই গাড়ী শিল বালি চটিয়াই প্ৰতিষ্ঠানটোৱে নিজৰ দায়িত্ব সামৰে৷ কিন্তু শেহতীয়াভাৱে প্ৰতিষ্ঠানটোৱে কাম সম্পূৰ্ণ হোৱা বুলি ফলক আৰি দিয়াৰ পিছতহে সমগ্ৰ কথা ৰাইজে অৱগত হোৱাত হাহাকাৰ লাগে৷ আঁচনিৰ বিষয়ে অন্ধকাৰত ৰাখি কাগজে পত্ৰই কাম সম্পূৰ্ণ দেখুওৱাৰ ফলত প্ৰতিষ্ঠানটোৰ লগতে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ৷

ইফালে সাংবাদিকৰ দল উপস্থিত হোৱাৰ খবৰ পাই প্ৰতিষ্ঠানটোৰ লোক উপস্থিত হৈ ফলকখন মুছিবলৈ আহে যদিও ক্ষুব্ধ ৰাইজে খেদি পঠায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।