11/01/2022 - 12:06
in
বাহাৰঘাটঃ গড়পোট-সদৈকুছি শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাস্থলীত কবিতা পুথি উন্মোচন৷ গাওঁখনৰ উদীয়মান কবি পপী ডেকাৰ কবিতা পুথি “ক’ব নোৱাৰা কথাবোৰ শেষ হৈ নাযায়’’ উন্মোচন৷ সোমবাৰে নিশা কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনে৷ অতিপাত গাম্ভীৰ্য্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত সঞ্চালনা কৰে পূজা পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি অনন্ত ৰাম হুজুৰীয়ে৷ উন্মোচনী অনুষ্ঠানত এমট্ৰনৰ উপ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ, পঃবঃ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক তপন কুমাৰ শৰ্মা, পঃবঃ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক গগন চন্দ্ৰ পাটোৱাৰী, বড়িদতৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম কলিতা আৰু নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মা আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে৷ অনুষ্ঠানত উন্মোচক প্ৰনৱ কুমাৰ বৰ্মনে সাগৰীকা বৰদলৈ কুশলে আছা নে কবিতাৰে ৰাইজক মোহিত কৰে৷ শহস্ৰাধিক কাব্যপ্ৰেমী ৰাইজৰ সমাগমৰে উথপথপ হোৱা পূজাখনত কবি নৰেন শৰ্মাই এটি থলুৱা ভাষাৰ কবিতাৰে ৰাইজক আকৰ্ষণ কৰে৷