লটাৰী-জুৱাৰ বিৰুদ্ধে নগৰবেৰাত অভিযান: পাচজন লোকক আটক

 06/17/2019 - 16:42

নগৰবেৰা: লটাৰী-জুৱাৰ ৰম্যভূমিত পৰিণত হৈছে কামৰূপৰ নগৰবেৰা আৰু দাতিকাষৰীয়া অঞ্চলসমূহ। অঞ্চলটোৰ একাংশ হাত দীঘল লোকৰ পৃষ্ঠপোষকতাত দীৰ্ঘদিনৰে পৰা নগৰবেৰা আৰু নগৰবেৰাৰ সমীপৱৰ্তী অঞ্চলসমূহত অবাধে চলি আছে কোটি কোটি টকীয়া লটাৰী জুৱা খেল। অৱশেষত পলমকৈ হ'লেও চকু মেল খালে কামৰূপ গ্ৰাম্য আৰক্ষীৰ। কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত কোটি টকীয়া লটাৰী-জুৱাৰ বিৰুদ্ধে নগৰবেৰাত চলিল অভিযান। যোৱা নিশা চলা এই অভিযানত কোটি টকীয়া লটাৰীৰ ঘাটি উৎখাত কৰাৰ লগতে লটাৰী-জুৱাৰ লগত জড়িত থকাৰ অভিযোগত পাচজনকৈ লোকক আটক কৰে।

অভিযান কালত কেইবাপদ লটাৰী জুৱাৰ সামগ্ৰী আৰু নগদ ৩৫০০ টকা জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে নগৰবেৰাৰ বাবা লোকনাথ মন্দিৰ নিৰ্মাণৰ সাহাৰ্যৰ্থে পূৰ্বেও এখন কোটি টকীয়া লটাৰী-জুৱা খেল সম্পন্ন কৰাৰ পাছত এয়া আছিলে তেওঁলোকৰ দ্বিতীয়খন খেল। আৰক্ষীৰ অভিযানত খেল চলি থকা অৱস্থাত হাতে লোটে আটক হোৱা লোককেইজন ক্ৰমে আক্ৰাম হুছেইন, প্ৰকাশ দাস, আব্দুল মান্নান, অমল দৈমাৰী, হৰকান্ত বড়োক আজি আদালতলৈ প্ৰেৰণ কৰা হ'ব।

আৰক্ষীৰ এই পদক্ষেপক নগৰবেৰাৰ সচেতন ৰাইজে প্ৰশংসা কৰাৰ লগতে নগৰবেৰাৰ সমীপৱৰ্তী অঞ্চলসমূহত এতিয়াও চলি থকা কোটি কোটি টকাৰ লটাৰী জুৱা খেল বন্ধ কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীক দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।