গোৰেশ্বৰ: বাক্সা জিলাৰ মাজেৰে ভূটান পাহাৰৰ পৰা বৈ অহা দেওঁচুঙা, শুক্লাই, নাওবান্ধাৰ পানী বাগৰি পৰাৰ ফলত সীমান্তৱৰ্তী অঞ্চলটোৰ বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছে। ঔবাৰী, দাখোখিলা, ভোলাঝাৰ, ভোলাবটাবাৰী, বাঙলীপাৰা, উপৰখুঁটি, দেওঁচুঙা আদিকে ধৰি সীমান্তৱৰ্তী ওদালগুৰি জিলাৰো নাওবান্ধা, উত্তৰ নাওবান্ধা আদিকে ধৰি বহুকেইখন গাঁও পানীত বুৰ যোৱাৰ ফলত আতংকিত হৈ পৰিছে গঞা ৰাইজ। তৎসত্ত্বেও খবৰ লবলৈ আহৰি পোৱা নাই স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে।
ভোলাবটাবাৰীত বহুকেইটা পৰিয়ালৰ ঘৰ সম্প্ৰতি পানীত বুৰ যোৱাৰ লগতে সমীপৰে বৈ যোৱা নাওবান্ধা আৰু শুক্লাই নৈয়ে প্ৰৱল খহনীয়াৰ সৃষ্টি হৈছে। অন্যহাতে সুৱাগপুৰ-ভোলাবটাবাৰী-আটাৰীখাট সংযোগী গড়কাপ্তানি পথৰে পানী বাগৰি পৰাত পথছোৱা যি কোনো মূহুৰ্ততে খহি পৰাৰ আশংকা কৰা হৈছে। মানুহ আৰু পশুধনৰ খাদ্য সংকটে দেখা দিছে।
বৰষুণৰ মাত্ৰা কমি যোৱাৰ ফলত পানী কিছু পৰিমাণে কমিছে যদিও বতৰ ডাৱৰীয়া হৈ থকাৰ বাবে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত।