সমাজসেৱক, কৃতী শিক্ষক মুক্তাৰাম ডেকাৰ দেহাৱসান, কামৰূপৰ পাইকানাত শোকৰ ছাঁ

 11/08/2022 - 18:46
 
 
কামৰূপঃ কামৰূপ জিলাৰ পাইকানাৰ কৃতী শিক্ষক শ্ৰী মুক্তাৰাম ডেকাৰ দেহাবসান। শিক্ষকগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ পাইকানা অঞ্চলত শোকৰ ছাঁ। যোৱা ৬ নৱেম্বৰ তাৰিখে মৃত্যুক আঁকোৱালি লয় শিক্ষকগৰাকীয়ে। হঠাৎ ষ্ট্ৰ'কত আক্ৰান্ত হোৱা শিক্ষকগৰাকীক প্ৰথমে মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত ভৰ্তি কৰাইছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ICUত মৃত্যুবৰণ কৰে। ১৯৫৯ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহণ কৰা মুক্তাৰাম ডেকা এজন কৃতি শিক্ষকৰ উপৰিও আছিল এজন বিশিষ্ট সমাজকর্মী।
 
শিক্ষকতাৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ প্ৰতিটো সামাজিক কাম কাজত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। আনকি এজন সাংস্কৃতিক কর্মী হিচাপেও পৰিচিত আছিল মুক্তাৰাম ডেকা। স্কুলত শিক্ষাদান কৰাৰ উপৰিও ঘৰুৱা শিক্ষক হিচাপেও জনপ্ৰিয় আছিল মুক্তাৰাম ডেকা। শিক্ষকগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলতেই পৰিছে শোকৰ ছাঁ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।