অসমত ভাৰত জোড়ো যাত্ৰাৰ আজি দশম দিন

 11/10/2022 - 15:51
 
 
কলগাছিয়াঃ অসমত ভাৰত জোড়ো যাত্ৰাৰ আজি দশম দিন। এই দশম দিনত জনীয়াৰ সমন্বয় ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যালয় চৌহদৰ পৰা যাত্ৰা আৰম্ভ কৰে। আজিৰ ভাৰত জোড়ো যাত্ৰাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ সাংসদ আব্দুল খালেক, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদকে ধৰি ভালে সংখ্যক কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে। কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰালৈ বিজেপিয়ে ভয় কৰা বুলি কয় সাংসদ গৌৰৱ গগৈয়ে। অসম কংগ্ৰেছৰ মুখপাত্ৰ অজয় ফুকনে নামনি অসমত হাজাৰ হাজাৰ বাংলাদেশী আছে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সাংসদ গৌৰৱ গগৈয়ে সেই সন্দৰ্ভত জ্ঞাত নহয় আৰু যদি কৈছে সেয়া গৰিহণাৰ যোগ্য বুলিও কয় সাংসদগৰাকীয়ে। কংগ্ৰেছৰ বিভিন্ন কমিটি মিলাই দহ হাজাৰ লোক আছে কিন্ত্ত ভাৰত জোড়ো যাত্ৰাত পাঁচ হাজাৰ মানুহ নহয় বুলি বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় শ্বেৰমান আলী আহমেদ কংগ্ৰেছৰ কাঠগড়াত আছে। কাঠগড়াত থকা ব্যক্তিৰ বিষয় একোৱেই নকয় বুলি জাকিৰ হুছেইন শিকদাৰে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।