মাধৱপুৰ সমবায় সমিতিৰ সচিব অনন্ত বৰাৰ সংবাদ মেল

 11/13/2022 - 12:29
 
 
কামপুৰঃ নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অন্তৰ্গত মাধৱপুৰ সমবায় সমিতিৰ আটা কেলেংকাৰিৰ বা-বাতৰি উত্তাল হৈ থকাৰ মাজতে আজি সমবায় সমিতিৰ সচিব অনন্ত বৰা আৰু এজেন্ট সন্থাই এক বৃহৎ সংবাদ মেলৰ আয়োজন কৰে৷ মাধৱপুৰ সমবায় সমিতিৰ 2021-22 বৰ্ষৰ বাবে আবন্টিত 2500 কুইন্টল আটা সচিবে উঠাই এজেন্ট বা গ্ৰাহকক বিতৰণ নকৰা বুলি প্ৰাক্তন উপ সভাপতি জালাল উদ্দিন আৰু আৰ টি আই কৰ্মীয়ে তোলা অভিযোগ যুক্তি সহকাৰে খণ্ডন কৰে সচিব অনন্ত বৰাই৷
 
 
প্ৰায় 2500 কুইন্টল আটা খিনি পৃথকে পৃথকে উঠাই এজেন্টৰ যোগেদি বিতৰন কৰা হৈছে৷ পূৰ্বৰ কমিটিখন চৰকাৰে ভংগ কৰি দিছে ইয়াত সচিবৰ কোনো হাত নাই বুলি উল্লেখ কৰি শ্বেয়াৰ হল্ডাৰৰ বাৰ্ষিক সাধাৰণ সভাত উপস্থিত সংখ্যা বহু কম হোৱাত কমিটি খন ভংগ হৈছে৷ যাৰ ফলত পূৰ্বৰ কমিটিখনৰ ক্ষুব থকাটো স্বাভাৱিক৷ উক্ত সমবায় সমিতিখনৰ ব্যৱসায়িক দিশটোক শলঠেকত পেলাবলৈ এটা দুষ্ট চক্ৰই অহৰহ চেষ্টা অব্যাহত ৰখা বুলি দাবী কৰে সচিব অনন্ত বৰাই৷ সংবাদ মেলত এজেন্ট সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে আহম্মদ আলী আৰু বিষ্ণু মণ্ডলে সমবায়ৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ মিছা ও মনে সজা বুলি দাবী কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।