বাক্সাৰ শালবাৰীৰ বাৰেঙাবাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ

 11/13/2022 - 13:44
 
 
শালবাৰীঃ কাইলৈ বিশ্ব মধুমেহ দিৱস৷ মধুমেহ দিৱস উপলক্ষে বিশ্বজুৰি পালন কৰা হ'ব বিভিন্ন কাৰ্যসূচী৷ তাৰ সৈতে সংগতি ৰাখি বাক্সাৰ শালবাৰীৰ বাৰেঙাবাৰীত আয়োজিত কৰা হয় বিনামূলীয়া হৃদৰোগ আৰু মধুমেহ চিকিৎসা শিবিৰ৷ শালবাৰীৰ বাৰেঙাবাৰীৰ খেল পথাৰত বিভিন্ন দ'ল-সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা হয় চিকিৎসা শিৱিৰটো৷
 
বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসালয়ৰ পৰা কেইগৰাকী জ্যেষ্ঠ চিকিৎসক আহি প্ৰদান কৰে বিনামূলীয়াকৈ চিকিৎসা৷ পুৱা যোগাসনৰ লগতে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় এই বিনামূলীয়া চিকিৎসা শিবিৰ৷ শিৱিৰটোত বিভিন্ন ৰোগ চোৱাৰ উপৰিও প্ৰদান কৰা হয় বিনামূলীয়া ঔষধ৷ আজিৰ এই চিকিৎসা শিবিৰটোত বহুসংখ্যক ৰোগীয়ে বিনামুলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰে৷ চিকিৎসা শিবিৰটো অনুষ্ঠিত কৰাত সন্তোষ প্ৰকাশ কৰে ৰাইজে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।