"নাই ছাৰ, অৰূপে চকু মেলা নাই,সম্ভৱ অৰূপ ঘূৰি নাহিব চাগে’’

 11/14/2022 - 12:38
লেটছ ৰিষ্টাৰ্ট এগেইন
 
"নাই ছাৰ, অৰূপে চকু মেলা নাই। উশাহও টানিব পৰা নাই। সম্পূৰ্ণ অৱশ। ভেন্টিলেটৰতে আছে। সম্ভৱ অৰূপ ঘূৰি নাহিব চাগে।"
 
অৰূপ ৰাজবংশী, ২২ বছৰ
আজাৰা
গুৱাহাটী
 
অৰূপ এজন সৰ্প উদ্ধাৰকাৰী ব্যক্তি। বিভিন্ন সময়ত সমাজৰ জনসমাগম অঞ্চল বা মানুহৰ ঘৰৰ পৰা বিভিন্ন বিষাক্ত আৰু বিহহীন সাপ উদ্ধাৰ কৰি জনসমাগমক সহায় কৰি আহিছে।
দেওবাৰ,৬ নৱেম্বৰ তাৰিখে, ৰাতি ১০ মান বজাত বিষাক্ত ফেঁটী সাপ এডাল গুৱাহাটীৰ আজাৰ অঞ্চলৰ এজন মানুহৰ ঘৰৰ পৰা উদ্ধাৰ কৰোতে, দুৰ্ভাগ্যবশত সো ভৰিত দংশন কৰি কিছু সময়ৰ কাৰণে কামুৰি ধৰি থয়। সম্ভৱ উদ্ধাৰ কৰোঁতে সাপডালে দুখ পাইছিল, কাৰণে খঙত একো নাই হৈ সৰ্বোচ্চ বিহ ঢালিছিল। ইমান টানকৈ অৰূপৰ ভৰিটো খামুচি মাৰি ধৰিছিল যে লগত থকা কেইজনে ফেঁটী সাপডালৰ মুখ হাতেৰে মেলি, টানিহে বহুত কষ্ট কৰি সাপডালৰ খামুচটো অতৰাইছিল। সাপডালে আৰামত আৰু অত্যন্ত খঙত পার্য্যমানে অৰূপক বিহ ঢালিছিল।
তৎক্ষণাত হুৱা-দুৱা লাগি যায়। ততাতৈয়াকৈ অৰূপক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ বুলি স্থানান্তৰিত কৰা হয়। কিন্তু জালুকবাৰীমান পাওঁতে, অৰূপৰ বমি হয় আৰু মানুহ মাৰিব পৰা ফেঁটী সাপৰ বিহৰ মাৰাত্মক লক্ষণবোৰ দেখা দিয়ে।
অৰূপৰ স্বাস্থ্যৰ অৱনতি দেখি, অৰূপৰ বন্ধুসকলে অৰূপক স্বাগত হাস্পতালৰ আপাতকালীন বিভাগত ভৰ্ত্তি কৰে। ফেঁটী সাপৰ দংশনৰ প্ৰায় আধা ঘণ্টাত তেওঁলোক স্বাগত হাস্পতাল পাইছিলগৈ।
কৰ্ত্যবৰত চিকিৎসক ডাক্তৰ ছাব্বিৰ খান এজন সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক। তেওঁ ৰাতি ১০:৩০ বজাত ফোন কৰি আমাৰ পৰামৰ্শ বিচাৰে। তেওঁক আমাৰ প্ৰটকলবোৰ পঠাই দিলোঁ। যিহেতু ৩০ মিনিটৰ ভিতৰতে অৰূপ হাস্পতাল আহি পাইছিল, সেইবাবে সম্পূৰ্ণ ভাল হ’ব বুলি মই ধৰি লৈছিলোঁ আৰু নিদ্ৰা দেৱীৰ কোলাত শুই পৰিছিলোঁ।
পিছদিনা,মানে সোমবাৰে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি কৰি হোৱাটছ এপৰ মেচেজ বোৰ পঢ়িবলৈ ললোঁ। ডাক্তৰ ছাব্বিৰ আৰু ডাক্তৰ আয়ুসমানৰ ৰাতিৰ ১:৩০ বজাৰ হোৱাটছ এপ মেছেজত মই হতবাক হৈছিলোঁ।
"অৰূপৰ স্বাস্থ্যৰ অৱনতি হৈছিল। অক্সিজেনৰ পৰিমাণ বহুত কমি গৈছিল বাবে ভেন্টিলেচন দিব লগত পৰিল।"হোৱাটছ এপত মেচেজটো জিলিকি থাকিল।
ৰাতিপুৱা ৬ বজাত ডাক্তৰ ছাব্বিৰ আৰু আয়ুসমানৰ মেচেজে মোক হতভম্ব কৰিছিল। অৰূপ সময় মতে হাস্পতাল আহি পাইছিল, সময় মতে এন্টিভেনম আৰু নিঅস্তিগমিন বেজী দিয়া হৈছিল, তথাপি কিয় অৰূপৰ শৰীৰৰ অক্সিজেনৰ পৰিমাণ কমি গৈছিল? আমাৰ চিকিৎসালয়ত এন্টিভেনম বেজীবোৰ সময়ত দিলে আনকি ৰোগীক অক্সিজেনও দিব লগাত নপৰে দেখোন? এন্টিভেনম কেইটাই কাম নকৰিলে নেকি? সেয়াই যদি হয়, আমাৰ অসমৰ গ্ৰাম্য চিকিৎসালয় বোৰত সৰ্প দংশনৰ চিকিৎসা কৰিব নোৱাৰি দেখোন। আমাৰ গ্ৰাম্য  চিকিৎসালয় বোৰত ICU বা ভেন্টিলেচন দিব পৰা ব্যৱস্থা নাই দেখোন? সেয়াই যদি হয় আমি সৰ্প দংশনত শূণ্য মৃত্যুৰ সপোন কেনেদৰে দিঠকলৈ ৰূপান্তৰ কৰিম?এইবোৰ ভাবি ভাবিয়েই ব্ৰাছ কৰি থাকিলোঁ। ৰাতিপুৱা ৬ বজাৰ পৰা কেতিয়া ৭ বাজিল কবই নোৱাৰিলোঁ। "কি হল, আজি দিনটো দাঁত ব্ৰাছ কৰিয়েই থাকিবা নেকি? শ্ৰী মতীৰ প্ৰশ্নত যেন মই সম্বিত ঘূৰাই পালোঁ। আয়ুসমান আৰু ছাব্বিৰক ফোন কৰিম বুলি ভাবিও ৰৈ গলো। বেচেৰা কেইটা নাইট ডিউটি কৰি অলপ জিৰাইছে চাগে। পিছত ফোন কৰিম।
বাৰু যি কি নহওঁক,কেইঘণ্টা মানৰ পিছত সকলো ভাল হৈ যাব লাগে। কিন্তু সোমবাৰ গ’ল, মংগলবাৰ গ’ল, কিন্তু অৰূপে চকু নেমেলেহে নেমেলেহে। হৃদপিণ্ডৰ হাৰ, ৰক্তচাপ আদি সকলো ঠিক আছে,কিন্তু সংজ্ঞা ঘূৰি অহা নাই। অৰূপেও যেন কিবা কব চেষ্টা কৰিছে, কিন্তু হাত ভৰি লৰচৰ নহয়, মাংসপেশী সম্পূৰ্ণ অৱশ। মাকৰ বা লগৰ বা লগৰ বন্ধুবোৰ অৰূপৰ স্বাস্থ্যৰ খবৰ লব গলে, অৰূপৰ হৃদ পিণ্ডৰ হাৰটো বাঢ়ি যায় লগতে চকু পানীও ওলায়।মানে অৰূপে সকলো শুনি আছে, কিন্তু মাংসপেশীবোৰ সম্পূৰ্ণৰূপে অকামিলা হোৱাৰ বাবে চকু মেলিব নোৱাৰে আৰু উশাহ টানিব নোৱাৰে।উহ কি যন্ত্ৰণা।এটা যেন জীৱিত মৃতদেহ।
৩৫ টাকৈ এন্টিভেনম সময়তে দিয়া হৈছে, কিন্তু অৰূপ জীৱিত মৃতদেহ। মগজুৰ CT স্কেন, MRI আদি ক’ত কি টেষ্ট কৰা হ’ল। কিন্তু উত্তৰ পোৱা নগ’ল। সকলো টেষ্ট যিহেতু স্বাভাৱিক আছিল, তেনেহলে সম্ভৱ ফেঁটী সাপৰ বিহে স্নায়ু আৰু মাংসপেশীৰ সংযোগস্থলীত গৈ থিতাপি লৈছে বাবে অৰূপে মাংসপেশী লৰচৰ কৰাব বিচাৰিছে যদিও পৰা নাই। আয়ুসমান আৰু তেওঁলোকৰ দলটোও ভাবি আচৰিত হৈছিল। কিয়? কিয়? অৰূপে চকু মেলা নাই?? প্রশ্নটোৱে মোকো বাৰে বাৰে ব্যতিব্যস্ত কৰিছিল। উত্তৰ উলিয়াবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিলোঁ।
অৰূপৰ সংসাৰ বুলিবলৈ মাক আৰু দেউতাক। আজাৰা অঞ্চলতে সৰু চাহৰ দোকান দি জীৱন অতিবাহিত কৰিছিল। মাক দেউতাকৰ এজনে সন্তান।
কিমান দিন কমাত(unconscious) থাকিব বা কিমান দিন ভেন্টিলেটৰত ৰাখিব লাগিব তাৰ কোনো উত্তৰ আমাৰ ওচৰত নাছিল। যিহেতু তেওঁলোকৰ আৰ্থিক অৱস্থা স্বছল নাছিল আৰু অৰূপৰ পৰিয়ালবৰ্গৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসা ব্যয় বহন কৰা ক্ষমতা নাছিল,১০ নৱেম্বৰ ,বৃহস্পতিবাৰে গুৱাহাটী মেডিকেললৈ স্থানান্তৰিত কৰাৰ কথা ভবা হয়।তাতে অৰূপৰ চকু মেলালৈ বাট চাব লাগিব। চকু মেলিব নে নাই তাৰ সঠিক উত্তৰ আমাৰ ওচৰত নাছিল। গুৱাহাটী মেডিকেল কলেজৰ ডাক্তৰ প্ৰিয়ম শইকীয়াৰ লগত কথা পাতি যাৱতীয় ব্যৱস্থা,ICU ৰ বিচনা আদি থিক থাক কৰা হয়। অৰূপ আৰু তেওঁৰ পৰিয়ালক সহায় কৰিবলৈ সকলোৱে আগ বাঢ়ি আহিছিল। আজিৰ যুগত যত মানৱীয় অনুভূতিৰ দ্ৰুত স্খলন হৈছে, তেনে সময়তে সকলো ফালে মানৱীয়তাৰ জয় গানত আমি উৎসাহিত হৈছিলোঁ। "নাই ছাৰ, অৰুপে চকু মেলা নাই। উশাহও টানিব পৰা নাই। সম্পূৰ্ণ অৱশ।ভেন্টিলেটোৰতে আছে।সম্ভৱ অৰূপ ঘূৰি নাহিব চাগে।"
বুধবাৰ, ৯ নৱেম্বৰ তাৰিখে আয়ুসমানৰ ফোনটো পাই একেবাৰে ভাগি পৰিলোঁ। আমাৰ সপোন, সৰ্প দংশনত শূন্য মৃত্যু যেন মাথোঁ এটা শ্ল’গান। কাৰ্য্যত এটা বিৰাট শূন্য। সাধাৰণতে ২০ টা এন্টিভেনম বেজীতে ভাল হৈ যায়। কিন্তু অৰূপক দেখোন ৩৫ টাকৈ এন্টিভেনম সময়তে দিয়া হৈছে, কিন্তু অৰূপ এটা জীৱিত মৃতদেহলৈ পৰিৱৰ্তিত হৈছিল।অৰূপে চকু মেলা নাই??প্রশ্নটোৱে মোক বাৰে বাৰে ব্যতিব্যস্ত কৰিছিল।উত্তৰ উলিয়াবলৈ চেষ্টা কৰিছিলো কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিলোঁ।
ডিমৌ গ্ৰাম্য চিকিৎসালয়ত ৯ নৱেম্বৰ, বুধবাৰে তিনি নম্বৰ চিজাৰীণ অস্ত্ৰোপচাৰ শেষ কৰি,মোৰ ৰুমৰ চকী খনতে বহি অৰূপৰ গোটেই ঘটনাবোৰ আকৌ চকু মুদি ফঁহিয়াই চালোঁ।অৰূপৰ কিয় সংজ্ঞা অহা নাই??
মোৰ ৰূমত আমি প্ৰায় ৩০০ এন্টিভেনম বেজী সযতনে সংৰক্ষণ কৰি থোৱা আছে। ২০ টা এন্টিভেনম বেজী সৰ্প দংশনৰ আছুতীয়া কক্ষত থাকে আৰু বাকীখিনি মোৰ ৰুমত। মই বহা চকীটোৰ সন্মুখতে বাওঁ চুকত এন্টিভেনম বেজীবোৰ সংৰক্ষণ কৰি থোৱা আছে।
চকু মেলিয়েই মোৰ ৰুমৰ ফ্ৰীজৰ ওপৰত থকা এন্টিভেনম বেজী কেইটালৈ একেথৰে চাই থাকিলোঁ।এন্টিভেনম কেইটাই কামেই যদি কৰা নাই, এই বেজী কেইটা সযতনে ৰখাৰ কি যুক্তি?এন্টিভেনম বেজীৰ দমটো  ভাঙি দিব মন গল।
এইবোৰ ভাবি থাকোতে মনে মনে ভাবিলোঁ, বৰ্তমান মোৰ চকুৰ আগত থকা এই কোম্পানীৰ এন্টিভেনম বেজী কেইটা দিব কওঁ নেকি? কাৰণ এই কোম্পানীৰ এন্টিভেনম বেজীবোৰত আমাৰ সকলো ৰোগী আৰোগ্য হৈছিল।অসমৰ বিভিন্ন চৰকাৰী চিকিৎসালয় বোৰৰ পৰাও ৰোগী সম্পূৰ্ণ ভাল হোৱাৰ খবৰবোৰও আহিছিল।কেনেবাকৈ অৰূপক প্ৰয়োগ কৰা এন্টিভেনম কেইটাই কাম কৰা নাই নেকি?কথাটো যদিও হাস্যকৰ তথাপি প্ৰয়াস কৰাৰ আপত্তি নাই। বিচাৰি থকা প্রশ্ন টোৰ উত্তৰটো কেনেবাকৈ ইয়াতে পাম নেকি? শেষ ভৰষা হিচাবে আকৌ ৰিষ্টাৰ্ট কৰাৰ কথা ভাবিলোঁ। আগতে যি হ’ল হ’ল।
বুধবাৰ,৯ নৱেম্বৰ,দুপৰীয়া ২:৩০ মান বজাত ডাক্তৰ আয়ুসমানক ফোন কৰি কলো,
"লেটছ ৰিষ্টাৰ্ট  এগেইন।এটা নতুন কেচ হিচাবে আৰম্ভ কৰা যাওঁক।" এই মাত্ৰ ৰোগী গৰাকী ফেঁটী সাপৰ দংশনত আহিছে বুলি ধৰা হওক। সম্পূৰ্ণ অজ্ঞান। চৰকাৰী এন্টিভেনম দিয়াৰ কথা ভবা হয়। যিটো আমি ডিমৌত দি আছোঁ। বয়কাই আজাৰাৰ চৰকাৰী হাস্পতালৰ পৰা ২০ টা এন্টিভেনম বেজী যোগাৰ কৰাত সহায় কৰে। ৩০ মিনিটৰ ভিতৰত ২০ টা বেজী দিব কোৱা হয়। লগতে নিঅস্তিগমিনও। সম্পূৰ্ণ আমাৰ প্ৰটকল মতে। আবেলি ৪:৩০ মিনিট মানৰ পৰা বেলেগ কোম্পানীৰ ২০ টা এন্টিভেনমেৰে আকৌ চিকিৎসা নতুনকৈ আৰম্ভ কৰা হয়।শেষ ভৰষা।এতিয়া সময়লৈ অপেক্ষা মাথোঁন। আবেলি ৫:৩০ মান বজাত আকৌ আয়ুসমানৰ ফোন আহে। ফোনটোৱে বা কি সংবাদ আনিছে? ভয়ে ভয়ে ধৰোঁ নোধৰোঁকৈ ফোনটো ধৰিলোঁ, "ছাৰ,অৰূপে চকু মেলিছে।উশাহও টানিছে।সম্ভৱ সম্পূৰ্ণ ভাল হৈ যাব।" মই একো উত্তৰ দিব নোৱাৰিলোঁ!ইমানেই আনন্দিত হৈছিলোঁ যে আয়ুসমানৰ কথা শুনি মোৰ গাৰ নোম শিয়ৰি গৈছিল!আনন্দত আত্মহাৰা হোৱাৰ কাৰণেই চাগে মই ডাক্তৰ আয়ুসমানক ফোনত একো উত্তৰ দিব নোৱাৰিলে।মাতটো ওলাব চেষ্টা কৰিও উলিয়াব নোৱাৰিলোঁ। মোৰ ফালৰ পৰা একো উত্তৰ নাপাই আয়ুসমানে হেলওঁ হেলওঁ বুলি কৈ ফোনটো কাটি দিলে। অৰূপে চকু মেলাৰ লগে লগে কৰ্তব্যৰত স্বাস্থ্যকৰ্মী, অৰূপৰ পৰিয়াল বৰ্গ সকলোৰে আনন্দৰ চকুলো বৈছিল। ঘৰৰ মানুহে অৰূপ আৰু কেতিয়াও ঘূৰি নাহে বুলিয়েই ধৰি লৈছিল। আমিও হতাশগ্ৰস্ত অনুভৱ কৰিছিলোঁ।এইয়াই আমি স্বাস্থ্য কৰ্মী হোৱাৰ আনন্দ।কেতিয়াবা আমি হাৰি হাৰিও জিকি যাওঁ আৰু কেতিয়াবা জিকি জিকিও হাৰি যাওঁ। প্ৰথমে দিয়া ৩৫ টা এন্টিভেনম বেজী বেলেগ কোম্পানীৰ আছিল। সম্ভৱ আগৰ কোম্পানীৰ এন্টিভেনমটোৱে ফেঁটী সাপৰ বিহ অকামিলা কৰিব পৰা নাছিল। ৰাইজৰ ভাষাত বুজাবলৈ হলে, যেনেদৰে আমাৰ মোবাইলটো হেং হয়, ইফালেও নাযায়, সিফালেও নাযায়, তেনেদৰে অৰূপও হেং হৈ আছিল।হেং হোৱা মোবাইলটোক যেনেদৰে আমি ৰিষ্টাৰ্ট কৰিলে আকৌ ভাল হৈ যায়, তেনেদৰে অৰূপে আগতে পোৱা দৰৱ পাতিবোৰ পাহৰি, ফেঁটী সাপে দংশন কৰা এজন নতুন ৰোগী হিচাবে প্ৰথমৰ পৰা আকৌ এন্টিভেনম আৰু নিঅস্তিগমিন বেজীৰে চিকিৎসা ৰিষ্টাৰ্ট কৰা হয়। আমি সকলোৱে চৰকাৰী চিকিৎসালয় আৰু চৰকাৰী দৰৱে কাম নকৰে বুলি বিভিন্ন সময়ত বিভিন্ন ভাবে ভৎসনা কৰোঁ।কিন্তু এখন চৰকাৰী গ্ৰাম্য চিকিৎসালয়ৰ অভিজ্ঞতা আৰু চৰকাৰী এন্টিভেনমে অৰূপৰ সংজ্ঞা ঘূৰি অহাত অভূত ভাবে সহায় কৰে।কেতিয়াবা কোনোবা কোম্পানীৰ দৰৱে কাম কৰে, কেতিয়াবা নকৰে। কেতিয়াবা আমিও সেইয়া বিভিন্ন সময়ত প্ৰত্যক্ষ কৰিছোঁ। সংজ্ঞাহৰণ(Anaesthesia) কৰিবলৈ দৰৱ প্ৰয়োগ কৰিছোঁ, কিন্তু কাম নকৰেহে নকৰে।বেলেগ কোম্পানীৰ দৰৱ দিয়াৰ লগে লগে কাম কৰে। আমি এইটো কোৱা নাই যে, চৰকাৰী এন্টিভেনম ভাল বাকী বেয়া।আমি মাত্ৰ ইমান দিনে যি অভিজ্ঞতা আহৰণ কৰিছিলোঁ, সেয়াহে ব্যক্ত কৰিছোঁ। আমি মাত্ৰ এটা পৰীক্ষা নিৰীক্ষা কৰি চালো। কেতিয়াবা আমি সফল আৰু কেতিয়াবা আমি বিফল। এটা কোম্পানীৰ দৰৱে কাম কৰিছে,কিন্তু আন এটা কোম্পানীৰ দৰৱে কাম কৰা নাই,কাৰণ কি?
ইয়াৰ কাৰণ বিভিন্ন হ’ব পাৰে,যেনে-
১)অৰূপৰ ক্ষেত্ৰত সম্ভৱ দ্বিতীয়বাৰ ব্যৱহাৰ কৰা এন্টিভেনম বেজীবোৰৰ আমাৰ অসমৰ বিষাক্ত ফেঁটী সাপৰ বিহ অকামিলা কৰাৰ প্ৰৱণতা বেছি।এই ক্ষেত্ৰত বিস্তৃত গৱেষণাৰ প্ৰয়োজন আছে।
২)সম্ভৱ প্ৰথমবাৰ ব্যৱহাৰ কৰা বেজী কেইটা উৎপাদন কৰাৰ পাছত,দিল্লী,বেংগালুৰু বা পোনা(মহাৰাষ্ট্ৰ) আদি লেৱটৰীৰ পৰা অসমলৈ বুলি আনি থাকোতে কেনেবাকৈ শীত তাপ নিয়ন্ত্ৰিত নহৈছিল চাগে বাবে এন্টিভেনম বেজীবোৰৰ সক্ষমতা কমি গৈছিল বাবে ফেঁটী সাপৰ বিহ অকামিলা কৰিব পৰা নাছিল।
৩)অৰূপৰ ঘটনাটো আমাৰ ভাৰতবৰ্ষৰ বিজ্ঞ সমাজৰ লগত আলোচনা হল।যুক্তি তৰ্ক হল।বিভিন্ন ডাক্তৰে বিভিন্ন ভাষ্য,ৰায় দিলে।সকলোকে আমি ধন্যবাদ দি কলো " হব পাৰে অৰূপৰ ঘটনাটোৰ সম্পূৰ্ণ বৈজ্ঞানিক উত্তৰ নাই,কিন্তু আজি হাঁহি মাতি মাক দেউতাকৰ লগত আছে,সেইটোহে আচল কথা।বাকী যুক্তি তৰ্ক বাদ দিয়া হে।' হলেও আমি বৈজ্ঞানিক বিশ্লেষণ কৰিব চেষ্টা কৰিম।বিভিন্ন গৱেষণাগাৰত আমি ইতিমধ্যে সংযোগ স্থাপন কৰিছোঁ।
এই সুযোগতে স্বাগত হস্পিটেলৰ ডাক্তৰ ছব্বিৰ,ডাক্তৰ আয়ুসমান, নাৰ্ছ, টেকনিছিয়ান আৰু সকলো স্বাস্থ্য কৰ্মীসকল অশেষ ধন্যবাদৰ পাত্ৰ।তেঁওলোকেহে আচল কাম কৰিছে।আমি মাত্ৰ দূৰৰ পৰা দিহা পৰামৰ্শহে দিছিলোঁ। ধন্যবাদৰ পাত্ৰ আমাৰ বয়কা ৰুছীয়ান গায়ৰ লগতে অৰূপৰ বন্ধু বান্ধৱ সকল, যি এন্টিভেনম,অনুসংগিক কথা আদিবোৰ তদাৰক কৰি আছিল।
এক সন্মিলিত প্ৰয়াসত অৰূপে আজি নতুন জীৱন লাভ কৰে।অৰূপ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ অশেষ ধন্যবাদৰ পাত্ৰ, যি খুব ধৈৰ্য্য সহকাৰে চিকিৎসা কৰ্মী সকলৰ লগত সহযোগ কৰিছিল।সৰ্প দংশনৰ চিকিৎসাত প্ৰত্যেক জন ৰোগী একো একো জন শিক্ষক বুলি আকৌ যেন প্ৰমাণিত হৈছে। অৰূপ আৰু তেঁওৰ পৰিয়াল বৰ্গৰ সন্মতি সাপেক্ষে বৃহত্তৰ অসম,ভাৰতবৰ্ষ আৰু বিশ্ব বাসীৰ সজাগতাৰ বাবে প্ৰকাশিত।
 
ধন্যবাদৰে
 
ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ডিমৌ গ্ৰাম্য চিকিৎসালয়
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।