UGC ৰ কাৰ্যালয় স্থানান্তৰ সন্দৰ্ভত প্ৰাক্তন বিধায়ক মামুদ ইমদাদুল হ’কৰ মন্তব্য

 11/14/2022 - 13:24
 UGC ৰ এটা আঞ্চলিক কাৰ্য্যালয় আছিল গুৱাহাটীত। কালি বন্ধ কৰি দিয়া হ'ল। এতিয়া দিল্লীৰ পৰাই হেনো চলিব সকলো কাম-কাজ। কলেজ বা বিশ্ববিদ্যালয়ত কৰ্মৰত কোনো শিক্ষক/কৰ্মচাৰী, সংস্থা বা ছাত্ৰ-ছাত্ৰীৰ হৈ মাত মতা বুলি দাবী কৰা কোনো এটা সংস্থায়ো টু শব্দ এটা পৰ্য্যন্ত নক'লে। আমাৰ নো কি! আমি না কলেজৰ মানুহ! না বিশ্ববিদ্যালয়ৰ মানুহ! না কোনো ছাত্ৰ সংগঠনৰ মানুহ! তেওঁলোক যদি সামান্য সৰু কাম এটাৰ বাবেও গুৱাহাটীৰ সলনি দিল্লী লৈ গৈ থাকিব পাৰে তেন্তে আমাৰ নো অসুবিধা ক'ত! এনেও গুৱাহাটী ৰ পৰা দিল্লী লৈ মাত্ৰ দুই/আঢ়ৈ ঘণ্টাৰ ফ্লাইট হে! কলেজ বা বিশ্ববিদ্যালয়সমূহৰ কোনো শিক্ষক বা কৰ্মচাৰীসকলৰ দৰমহা বা অন্যান্য সা-সুবিধাৰ ওপৰত যদি এনে গুৰুতৰ সিদ্ধান্ত ল'লে হয় তেন্তে কোনোবাই এনে দৰে নিৰৱে থাকিল হেঁতেন নে? সিদ্ধান্ত লোৱা সকলেও জানে সিদ্ধান্ত ক'ত আৰু কি কি বিষয়ত ল'ব লাগে!
-মাহমুদ ইমদাদুল হ’ক চৌধুৰী
প্ৰাক্তন বিধায়ক,অধিবক্তা
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।