জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱৰ ভাৰতজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত শিশু দিৱস

 11/14/2022 - 14:01
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱৰ ভাৰতজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত আজি বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হয় শিশু দিৱস৷ পুৱা মইনাসকলৰ দ্বাৰা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলিৰ পাচতেই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত টাইকোৱাণ্ডো প্ৰতিযোগিতাত সফলতা কঢ়িয়াই অনা গাঁওখনৰ এগৰাকী মইনাসহ দুগৰাকী বয়োবৃদ্ধক সম্বৰ্ধনা জ্ঞাপনৰ লগতে আশীষ গ্ৰহণ কৰে কন কন মইনাসকলে৷ এই কাৰ্যসূচীত গাঁওখনৰ জ্যেষ্ঠ সকলেও অংশগ্ৰহণ কৰা দেখা যায়৷
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।