ঘিলামৰা প্ৰগতি ইংৰাজী মাধ্যম বিদ্যালয়ত শিশু দিৱস উদযাপন

 11/14/2022 - 16:18
 
 
 
 
ঢকুৱাখনাঃ আজি শিশু দিৱস। সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি ঘিলামৰা প্ৰগতি ইংৰাজী মাধ্যম বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিদ্যাল খনৰ নাৰ্ছাৰী ক্লাছৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা, পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলে ৰকেট, ইলেকট্ৰিক উৎপাদন, ৱাটাৰ দিচপেনচন, ভলকানো, উইণ্ড টাৰবাইন, হাইড্ৰ’ইলেকট্ৰিক পাৱাৰ, বায়ু প্ৰদূষণ, ৰেইন এলাৰ্ম আদি বিভিন্ন ধৰনৰ মডেল পৰিদৰ্শন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।