অন্বেষণ এন জি অ’ৰ উদ্যোগত, দৌলপুখুৰীপাৰ হাইস্কুলৰ সহযোগত শিশু দিৱস উদযাপন

 11/14/2022 - 18:36
 
 
 
বাহাৰঘাটঃ আজি সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ জন্মদিনটো শিশু দিৱস হিচাবে উদযাপিত হোৱাৰ লগতে ৰঙিয়া মহকুমাৰ অন্বেষণ এন জি অৰ উদ্যোগত আৰু পশ্চিম বড়িগোগ দৌলপুখুৰীপাৰ হাইস্কুলৰ সহযোগত শিশু দিৱস উদযাপন কৰে৷ তদুপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত ক্ৰমে দশমমান আৰু নবমমান শ্ৰেণী আৰু অষ্টমমানৰ পৰা ষষ্ঠমান শ্ৰেণীলৈ ঠাইতে ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ কাৰ্য্যসূচী সমূহ চলাই নিয়াত হাইস্কুলখনৰ প্ৰধান শিক্ষক আব্দুল মোন্নাফ,সহঃশিক্ষক ক্ৰমে ভবেশ কলিতা,দিপক কুমাৰ দাস,সুনীতা দেৱী,বসন্ত বড়ো,জয়শ্ৰী নাথ,অজন্তা ডেকাকে ধৰি সকলো শিক্ষক কৰ্মচাৰীৰ উপৰিও অন্বেষণৰ হৈ সম্পাদক দেৱজিত তালুকদাৰ, সদস্য ক্ৰমে বিশ্বজিত পাটোৱাৰী,ত্ৰিদীপ কলিতা,কৌশিক কলিতা,গীতাশ্ৰী কলিতা৷ ধীৰাজ শইকীয়া,কংকন কলিতা,মনজিত দাস আদি কৰি কেইবাজনে সহযোগিতা কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।