বাটচৰামুখত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সোৱণশিৰি আঞ্চলিক শাখাৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি

 11/16/2022 - 12:07
 
 
 
ঢকুৱাখনাঃ দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাৰ বাটচৰামুখত অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ অন্তৰ্গত সোৱণশিৰি আঞ্চলিক শাখাৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু গুৰুজনাৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ মঙলবাৰে সফল সামৰণি পৰে। মঙললবাৰে নিশা হৰি হৰ যুদ্ধ বান পৰাজয় আটক ধুনীয়া ভাওনা প্ৰদৰ্শন কৰে। ভাওনা উপভোগ কৰিবলৈ ঢকুৱাখনা, ঘিলামৰাৰ লগতে বিভিন্ন প্ৰান্তৰ দৰ্শকে ভিৰ কৰাহি পৰিলক্ষিত হয়। ভাওনা খনিৰ প্ৰত্যেকতো চৰিত্ৰই দর্শকক মোহিত কৰিবলৈ সক্ষম হয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।