সীমান্তত আঠ গৰুসহ চোৰাং সৰবৰাহকাৰীক আটক 

 03/14/2019 - 20:52

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগত ভাৰত বাংলাদেশ সীমান্তৰ শিশুমাৰাত ৬ নং বি এন বি এছ এফে আটক কৰিবলৈ সক্ষম হয় ৮টাকৈ গৰুসহ এজন চোৰাং গৰু সৰবৰাহকাৰীক।

উল্লেখ যে, যোৱা নিশা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত শিশুমাৰা বি অ’ পিৰ কৰ্তব্যৰত জোৱানে সীমান্ত নদীপথৰে বাংলাদেশলৈ অতিক্ৰম কৰিবলৈ লওঁতেই সীমান্তৰ পাৰত আটক কৰে ইমদাদুল বিশ্বাস(২০) নামৰ এজন  যুৱকসহ আঠটা গৰু আৰু এটা ভিভো ম’বাইল। জব্দ কৰা গৰু আৰু ম’বাইলৰ মূল্য এক লাখ দহ হেজাৰ টকা বুলি বি এন বি এছ এফে জানিবলৈ দিয়ে।

আটকাধীন যুৱকজন হাটশিঙিমাৰী অঞ্চলৰ কোকৰাডাংগা গাঁৱৰ জলিল বিশ্বাসৰ পুত্ৰ বুলি জানিব পৰা গৈছে। বি এন বি এছ এফে আটক কৰা যুৱকজনক ম’বাইল আৰু গৰুসহ খাৰুৱাবান্ধা আৰক্ষী চকীত গটাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।