হাওঁৰাঘাট: উন্মত্ত এটা দলে মিলি এজন নিৰীহ যুৱকক অত্যাচাৰ কৰা ঘটনাৰ পুনৰাবৃত্তি হ'ল কাৰ্বি আংলঙত৷ সাধাৰণ কথাতে আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাই আহিছে এইখন অসমত৷ কাৰ্বি আংলঙৰ ইটা ভাটাত কাম কৰা এজন শ্ৰমিকক ভাটাটোৰ মালিক আৰু ১৫-১৬ জন শ্ৰমিকে দলবদ্ধ হৈ বৰ্বৰভাৱে মাৰপিট কৰি যমুনা নৈত পেলাই দিয়ে৷ শ্ৰমিকজনৰ ঘৰ হোজাই জিলাৰ বৰবালী গাঁৱত৷ ঘটনাৰ বিৱৰণী মতে আব্দুল কালাম নামৰ অতি দুখীয়া শ্ৰমিকজনে কাৰ্বিআংলঙৰ হাওঁৰাঘাট অঞ্চলৰ ডিলাইডাংগাত থকা হামি চাহুৰ ইটা ভাটাত কাম কৰিছিল৷
যোৱা ১৫ জুন তাৰিখে ইটা ভাটাৰ মালিকে শ্ৰমিকজনক মাতি পঠিয়াই আৰু কিবা কথাত মতানৈক্য ঘটাত মালিক আৰু আন কৰ্মচাৰীসকল মিলি বৰ্বৰভাৱে মাৰপিট কৰি বান্ধি থয়৷ ভুক্তভোগীয়ে সুযোগ বুজি কোনোমতে নিজকে মুকলি কৰি পলাবলৈ বিচৰাত ইটাভাটাৰ মানুহে দা, লাঠি লৈ খেদি খেদি আহি ধৰি আকৌ মাৰপিট কৰি মানুহজনক ওচৰত থকা যমুনা নৈত পেলাই দিয়া বুলি কিছু নাৱৰীয়াই জানিবলৈ দিয়ে৷ ইয়াৰ পিছত ১০০ মিটাৰমানলৈকে যুৱকজনক নদীত ভাহি গৈ থকা প্ৰত্যক্ষদৰ্শীয়ে দেখা পায়৷
পানীত ডুবি যোৱা মানুহজনৰ আজিলৈ কোনো সন্ধান পোৱা নাই৷ ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ শহুৰে হাওঁৰাঘাট আৰক্ষী চকীত এজাহাৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ আনহাতে শ্ৰমিকজনক খবৰ দি ইটা ভাটাতোলৈ মাতি নিয়া বুলি অভিযুক্তই স্বীকাৰ কৰিছে৷ ভুক্তভোগীৰ চাইকেল ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ মানুহজনৰ বা মৃতদেহৰ কোনো সন্ধান এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷
চাৰিটা ল'ৰা-ছোৱালী আৰু পত্নীৰ সৈতে শ্ৰমিকজনৰ অতি দুখীয়া পৰিয়াল৷ মানুহজন অবিহনে পৰিয়ালটোৰ কি গতি হ'ব, সেয়া হৈ পৰিছে পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন৷