চাপৰৰ ঈশান নিউজৰ সাংবাদদাতা মিৰাজ ৰায়ৰ মৃত্যু

 11/16/2022 - 12:11
 
চাপৰঃ চাপৰৰ ঈশান নিউজৰ সাংবাদদাতা মিৰাজ ৰায় আৰু আমাৰ মাজত নাই। দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্রান্ত হৈ আছিল সাংবাদিক গৰাকী। মহানগৰীৰ লগতে বহি:ৰাজ্যত চিকিৎসা কৰিও সুফল নাপালে সংবাদকর্মী মিৰাজ ৰায়। বুধবাৰে পুৱা ৫ বজাত নিজ বাসগৃহ মালিকদেৰ ইহলিলা ত্যাগ কৰে সাংবাদিক গৰাকী। সাংবাদিক গৰাকীৰ মৃত্যুত এতিয়া শোঁকৰ ছাঁ পৰিছে সমগ্ৰ চাপৰত। আজি বহলপুৰত অন্ত্যষ্টিকৰণ সম্পন্ন কৰা হব সাংবাদিক গৰাকীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।