সমন্বয়ৰ তীৰ্থ ভূমিত পৰিণত হ'ল জামুগুৰিহাটৰ ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱ

 11/16/2022 - 12:48
 
 
জামুগুৰিহাটঃ ৰং বিৰঙৰ লাইটৰ সমাহাৰৰে সাইলাশ বৃন্দাবন সদৃশ পৰিৱেশৰ মাজত কালি নিশা সামৰণি পৰিল শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৪৯ তম ৰঙাচকুৱা সাৰ্ব্বজনীন ৰাস মহোৎসৱ। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ বসতিস্থল ৰঙাচকুৱাত অহা বছৰ সোণালী জয়ন্তী বৰ্ষ গড়কিবলৈ যোৱা এই সাৰ্বজনীন ৰাস মহোৎসৱত কালি নিশা হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল। এই ৰাস মহোৎসৱৰ বৈশিষ্ট্য হ'ল- বিভিন্ন চৰিত্ৰত অসমীয়া, গোৰ্খা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ দ্বাৰা অভিনয় প্ৰদৰ্শন  কৰাটো। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল বৃহত্তৰ ৰঙাচকুৱাত এই ৰাস মহোৎসৱে ইতিমধ্যেই সমন্বয়ৰ এক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে। উল্লেখ্য যে প্ৰতিবছৰৰ দৰে এইবাৰো ৰঙাচকুৱা সাৰ্ব্বজনীন ৰাস মহোৎসৱত এই অঞ্চলৰ প্ৰয়াত বিশিষ্ট ব্যক্তিসকলৰ সোঁৱৰণত বিভিন্ন বঁটা প্ৰদান কৰে। তাৰে ভিতৰত অন্যতম প্ৰথম পুৰস্কাৰ হিচাপে প্ৰয়াত পদ্মকান্ত বৰদলৈ সোঁৱৰণী বঁটাৰ লগত দুই হেজাৰ টকাৰ আৰু জামুগুৰি কেঁচা সোণ শাখাৰ পৰা ছয় হাজাৰ টকাৰ কেঁচা সোণৰ গহনা চেট, দ্বিতীয় পুৰস্কাৰ হিচাপে প্ৰয়াত শুভ দাস সোঁৱৰণী বঁটাৰ লগত এক হাজাৰ টকাৰ লগতে উদযাপন সমিতিৰ তৰফৰ পৰা এককালিন তিনি হাজাৰ টকা, তৃতীয় পুৰস্কাৰ হিচাপে ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা দুই হাজাৰ পাঁচশ টকা, চতুৰ্থ পুৰস্কাৰ হিচাপে উদযাপন সমিতিৰ তৰফৰ পৰা এক হাজাৰ পাঁচশ টকা, পঞ্চম পুৰস্কাৰ হিচাপে উদযাপন সমিতিৰ তৰফৰ পৰা এক হেজাৰ টকা আৰু প্ৰয়াত থানেশ্বৰ ভূঞা সোঁৱৰণী বঁটা শ্ৰেষ্ঠ শ্ৰীকৃষ্ণ গৰাকীক প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি মাধৰাম দাসে। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।