ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে মৰিগাঁও জিলা মিডিয়া ক্লাবৰ আদৰণীয় পদক্ষেপ

 11/16/2022 - 14:59
 
 
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অসমৰ সাংবাদিকতাৰ সন্মানৰ হেতুকে অসমৰ বিভিন্ন ঠাইত আজি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। কিন্তু মৰিগাঁও জিলা মিডিয়া ক্লাব ব্যতিক্ৰম। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে মঙলবাৰে মৰিগাঁও সদৰ মাজমজিয়াত জিলা খনৰ পদপথৰ প্ৰায় ৫০ জনতকৈও অধিক লোকক জিলা মিডিয়া ক্লাবৰ সৌজন্যত একোখনকৈ কম্বল বিতৰণ কৰা হয়।
 
 
উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা সম্পাদক জিতুমনি দাস লগতে উপস্থিত থাকে জিলা পৌৰসভাৰ সভাপতি যোগেশ তামুলী আৰু মৰিগাঁও ক্ৰিয়া সংস্থাৰ উপ সভাপতি ৰমেন নাথ লগতে জিলা খনৰ সংবাদ কৰ্মী সকল। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে আয়োজিত কৰা মৰিগাঁও জিলা মিডিয়া ক্লাবৰ কম্বল বিতৰণৰ কাৰ্যসূচীত এতিয়া সচেতন মহলে প্ৰসংশা প্ৰকাশ কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।