ঘিলামৰা প্ৰেছ ক্লাবৰ উদ্যোগত বিশেষ কাৰ্যসূচীৰে পালন কৰা হয় প্ৰেছ দিৱস

 11/16/2022 - 17:25

 

ঢকুৱাখনাঃ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অন্যান্য ঠাইৰ লগতে ঘিলামৰা প্ৰেছ ক্লাবৰ উদ্যোগতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে হাতত লোৱা হয় বিশেষ কাৰ্যসূচী। ঘিলামৰা প্ৰেছ ক্লাবৰ অন্তৰ্ভুক্ত ঘিলামৰা আৰু ঢকুৱাখনাৰ কেইবাগৰাকী সংবাদ কৰ্মী একগোট হৈ ঘিলামৰা অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ নেতৃস্থানীয় ছয় জন ব্যক্তিক তেখেত সকলৰ ঘৰে ঘৰে গৈ একোখনকৈ চেলেং চাদৰ পিন্ধাই সম্বৰ্ধনা জনায়। ঘিলামৰা স্থিত সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা, ঘিলামৰা আৰক্ষী থানাৰ প্ৰভাৰী চন্দন দাস, ঘিলামৰাৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি ক্ৰমে তিলক চেতিয়া, ডা° কেশৱ চন্দ্ৰ গগৈ, ধৰ্মেশ্বৰ হাজৰিকা আৰু সঞ্জয় ফুকনক সম্বৰ্ধনা জনায় কেইগৰাকী বয়োজেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।