কচুৱা প্ৰেছ ক্লাবৰ উদোগত ৰজাগাঁৱত প্ৰেছ দিৱস উদযাপন আৰু কচুৱা প্ৰেছ ক্লাবৰ ২৪ তম বৰ্ষপূৰ্তি অনুষ্ঠান

 11/16/2022 - 17:40

 

কামপুৰঃ আজি ১৬ নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কচুৱাৰ ৰজাগাঁৱত মাধৱপুৰ সমবায়ৰ পেক্ষাগৃহত কচুৱা প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগতে কচুৱা প্ৰেছ ক্লাৱৰ ২৪ তম বৰ্ষপুৰ্তি অনুষ্ঠান উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মোলান লস্কৰ, সমৰেন্দ্ৰ নাৰায়ণ বৰা, জ্যেষ্ঠ সাংবাদিক নীলকমল ‌শইকীয়া, সমাজসেৱক আব্দুল জব্বাৰ, অনন্ত বৰা, কচুৱা গাঁওৰক্ষী বাহিনীৰ সভাপতি কাতিক সাহা, কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলাম আৰু কচুৱা প্ৰেছ ক্লাৱৰ সমূহ সদস্য। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে জ্যেষ্ঠ আৰু কণিষ্ঠ সাংবাদিক সকলে প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানত সাংবাদিকৰ মানিব লগা নীতি-নিয়ম আৰু সাংবাদিকৰ সমস্যাৰ ওপৰত বক্তব্য ৰাখে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।