শিৱসাগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

 11/16/2022 - 18:17

 

আজি ৰাষ্ট্রীয় প্ৰেছ দিৱস। শিৱসাগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। শিৱসাগৰ প্ৰেছ ক্লাব, জিলা সাংবাদিক সংস্থাই মিডিয়া সংস্থা, বাৰ্তাজীৱি সংঘৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসন লগতে তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত শিৱসাগৰ যুৱদলত ৫৬ সংখ্যক প্ৰেছ দিৱস উদযাপন কৰা হয়।

 

শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া, অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ নৱনিৰ্বাচিত সভানেত্ৰী ডঃ নিৰুপমা মহন্ত, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত, জিলা সাংবাদিক সন্থাৰ সভাপতি ভৈৰব মুণ্ডা,ই মিডিয়া সন্থাৰ সভাপতি অতনু বৰাই অংশগ্ৰহণ কৰে।

 

'ৰাষ্ট্ৰ নিৰ্মাণত প্ৰচাৰ মাধ্যমৰ ভূমিকা' শীৰ্ষক বক্তৃতা অনুষ্ঠানত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই সাৰ-মৰ্মৰে ভৰা বক্তৃতা প্ৰদান কৰে। মঞ্চত উপবিষ্ট প্ৰতিজন সন্মানীয় ব্যক্তিয়ে 'ৰাষ্ট্ৰ নিৰ্মাণত প্ৰচাৰ মাধ্যমৰ ভূমিকা' শীৰ্ষক বিষয় সন্দৰ্ভত তথ্য সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে। পুৱা পতাকা উত্তোলনৰ পাছতে অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে।

 

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ১০১ গৰাকী সাংবাদিকক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰাষ্ট্রীয় প্ৰেছ দিৱসত শিৱসাগৰ জিলাৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰিও বিভিন্ন দল-সংগঠন আৰু বিদ্যালয়সমূহৰ ছাত্র ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।