ধলপুৰৰ এখন বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

 11/18/2022 - 15:46

 

নাৰায়ণপুৰঃ সমাজত শিশু শ্ৰমিকক ব্যৱহাৰ কৰাটো যে আইন মতে অপৰাধ, তাৰেই প্ৰতি সমাজত সজাগতা সৃষ্টিৰ বাবে সমূহ গাঁৱৰ লোকসকলক একত্ৰিত কৰি প্ৰদৰ্শন কৰিলে "ভিন্নতাৰ শেষত" নামৰ নাটখন। সমাজত সচেতনতা অনাৰ প্ৰতি লক্ষ্য ৰাখি নাৰায়্ণপুৰৰ ধলপুৰ জাতীয় বিদ্যালয়ত সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী একেলগ হৈ এই ব্যতিক্ৰমী পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ শিক্ষক বিকাশ মহন্তৰ নিজা ৰচনাৰ এই নাটক "ভিন্নতাৰ শেষত" ধলপুৰ জাতীয় বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়৷১৫ দিন প্ৰশিক্ষণৰ অন্তত কণ-কণ ছাত্ৰ ছাত্ৰী সকলৰদ্বাৰা সমাজত হোৱা শিশু শ্ৰমিকৰ ওপৰত নিৰ্যাতনৰ বিৰোধিতাৰে এই নাটক প্ৰদৰ্শন কৰা হয়। লগতে নাৰায়্ণপুৰৰ ধলপুৰ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।