ৰঙিয়াৰ ছোৱালী মহা বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰী আৰু ক্লাছৰূম মুকলি

 11/21/2022 - 18:28

 

ৰঙিয়াঃ ৰঙিয়াৰ ছোৱালী মহা বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰী আৰু ক্লাছৰূম আজি মুকলি কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই। ২০২০ চনতে অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল এক কোটি টকা। ইয়াৰ প্ৰথম কিস্তিৰ ধন ৫০লাখ টকা ব্যয় সাপেক্ষে আজি অত্যধুনিক ক্লাছ ৰুম লাইব্ৰেৰী মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই। মুকলি কৰি কলিতাই কয় যে যুগৰ পৰিবৰ্তন আৰু পৰৱৰ্তীত পৰিস্থিতিত আজি কালি যেনেকৈ ই বেংকিং, নেট বেংকিং ,হৈছে  ঠিক তেনেদৰে আজি ডিজিটেল লাইব্ৰেৰী আৰু ক্লাছ ৰুম অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিধায়ক কলিতাই কয় যে মর্ডান টেকনোলজি আঁকোৱালি কিদৰে উঠি অহা প্ৰজন্মক আধুনিক শিক্ষা পদ্ধতিৰে কেনেকৈ আগুৱাই নিব পাৰি তাৰ বাবেই অসম চৰকাৰৰ ফালৰ পৰা আচনিখন দিয়া হৈছে। আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ওৱাল মেগাজিনো মুকলি কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।