ডুমডুমাত বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী উদযাপন

 11/24/2022 - 19:30

 

ডুমডুমাঃ অসমীয়াৰ জাতীয় সত্তাৰ স্বভিমান, শৌৰ্য্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ আজি 400 তম জন্মজয়ন্তী সমগ্ৰ ৰাজ্যখনৰ লগতে ডুমডুমাতো আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হৈছে| অসম তাই-আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সৌজ্যনত, ডুমডুমা, কাকপথাৰ আৰু হাঁহখাটি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডুমডুমা বাসী ৰাইজৰ সহযোগত ৰূপাই চাইডিং সৌৰভ কলা-কৃষ্টী সংঘৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানৰ আজিৰ প্ৰথম দিনা পতাকা উত্তোলন আৰু বীৰজনাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়| পৰৱৰ্তী সময়ত ডুমডুমা নগৰ খেলপথাৰৰ পৰা ৰূপাই চাইডিংলৈকে বিভিন্ন দল-সংগঠন, ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল সমুহৰ অংশ গ্ৰহণৰে বাৰেৰহনীয়া শোভাযাত্ৰা ওলোৱা হয়| 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.