জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু উত্তৰ জামুগুৰি হাইস্কুলৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা

 11/24/2022 - 19:58

 

জামুগুৰিহাটঃ অসমীয়া জাতিৰ শৌয্য বিৰ্য্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি আদৰ্শ হাইস্কুল আৰু উত্তৰ জামুগুৰি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে উলিয়াই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। জামুগুৰি আদৰ্শ হাইস্কুলৰ পৰা মাধৱ সংগীয়া মাজৰ চুকহৈ উলিওৱা এই বিশাল শোভাযাত্ৰাৰ লগতে উত্তৰ জামুগুৰি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ধলাইবিল কেন্দ্ৰৰ পৰা টুপিয়া ব্যৱসায় কেন্দ্ৰ লৈকে উলিওৱা শোভাযাত্ৰাত শিক্ষক শিক্ষয়ত্ৰী তথা কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত অসমীয়া জাতিৰ কলা সংস্কৃতিক জীৱন্ত ৰূপত দাঙি ধৰাৰ চেষ্টা কৰে বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীসকলে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।