জামুগুৰিহাটৰ মধ্য জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ সাফল্য

 11/26/2022 - 16:40

 

 

জামুগুৰিহাটঃ অসমীয়া জাতিৰ স্বাভিমান, শৌৰ্য্য বিৰ্য্যৰ প্ৰতিক মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে মহাবীৰ গৰাকীৰ জীৱনগাঁথা পৃথিৱীবাসীৰ ওচৰত পৰিচয় কৰোৱাৰ উদ্দেশ্যৰে এইবেলি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশস্বৰূপে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰাও বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলাই জিলাই অনুষ্ঠিত কৰিছিল “শৰাইঘাটৰ যুদ্ধৰ মহানায়ক“ শীৰ্ষক ৰচনা প্ৰতিযোগিতা৷

 

শোণিতপুৰ জিলাখনৰো প্ৰতিখন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰেৰণ কৰা এই ৰচনা প্ৰতিযোগিতাৰ “খ” শাখাত জামুগুৰিহাটৰ মধ্য জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰূপজ্যোতি শইকীয়াই জিলাখনৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জামুগুৰিহাটলৈ৷ ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা পুৰস্কাৰ প্ৰদান অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰীগৰাকীক জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই পুৰস্কাৰ প্ৰদান কৰে৷

 

পুৰস্কাৰ গ্ৰহণ কৰি উৎফুল্লিত ছাত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক বীৰগৰাকীৰ বিষয়ে জনা আৰু শিকাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ অন্যহাতে ছাত্ৰীগৰাকীৰ এই সাফল্যত উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষই আজি ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনাই উৎসাহ প্ৰদান কৰাৰ লগতে প্ৰধান শিক্ষক নাৰায়ণ বৰুৱা সহ বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।