কামপুৰৰ তেঁতেলীসৰাত ড০ ভূপেন হাজৰিকাক স্মৰণ আৰু কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

 11/27/2022 - 10:17

 


কামপুৰঃ শনিবাৰৰ নিশা কামপুৰৰ তেঁতেলীসৰা পাঁচআলিত বহ্নিমান আত্মসহায়ক গোটৰ উদ্যোগত ড০ ভূপেন হাজৰিকাক স্মৰণ আৰু ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা এখন সভাৰ সভাপতিত্ব কৰে অঞ্চলটোৰ সমাজকৰ্মী পুনু হাজৰিকাই। এই অনুষ্ঠানটোত অঞ্চলটোৰ গাঁও প্ৰধান দিলীপ হাজৰিকা; পঞ্চায়ত সভাপতি দীন নাথ বৰদলৈকে কেইবাগৰাকীও শিক্ষকে সুধাকণ্ঠৰ জীৱন দৰ্শনৰ ওপৰত বহলায় বাখ্যা কৰে। সভাখনতে অঞ্চলটোৰ বহুকেইগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই। আনফালে ইয়াতেই ড০ ভূপেন হাজৰিকাৰ গীত নৃত্যৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.