ঢকুৱাখনাৰ বিলমুখ সৰিয়হনিত মিচিং জনগোষ্ঠীৰ পৰাগ উৎসৱৰ লাইখুঁটা স্থাপন

 11/28/2022 - 13:54

 

 

ঢকুৱাখনাঃ ৰাজ্যৰ অন্যতম জনগোষ্ঠীৰ মিচিং লোকসকলৰ জাতীয় উৎসৱৰ ভিতৰত এক অন্যতম পৰাগ উৎসৱ। এই পৰাগ উৎসৱ মাঘ ফাগুন মাহত ধুম-ধামেৰে উদযাপন কৰি আহিছে মিছিং জনগোষ্ঠীৰ লোকসকলে। কেইবাটাও বছৰৰ পিছত এই বৰ্ষত বিলমুখ সৰিয়হনিত পৰাগ উৎসৱ উদযাপন বাবে চলাইছে ব্যাপক প্ৰস্তুতি। মিচিং জনগোষ্ঠীৰ ডেকা গাভৰু বুঢ়া মেঠা সকলো ঐনিতম তালে তালে আৰু পৰম্পৰাগত পূজা পাতলৰ মাজেৰে উদুলি-মুদুলি পৰিৱেশত আজি বিলমুখ সৰিয়হনিত পৰাগ উৎসৱ লাইখুঁটা স্থাপন কৰা পৰিলক্ষিত হয়। আজি দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী মাজেৰে লাইখুঁটা স্থাপন কৰে বিলমুখ সৰিয়হনিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।