কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ আদৰণীয় পদক্ষেপঃ শতাধিক ৰোগীক বিনামূলীয়া চকু চিকিৎসা প্ৰদান

 11/28/2022 - 15:13

 

কলগাছিয়াঃ কলগাছিয়া মহকুমা সাংবাদিক সংন্থাৰ উদ্যোগত আজি কলগাছিয়া নৱোদয় পুথিভঁৰালৰ কাৰ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়। চিকিৎসা শিৱিৰৰ দ্বাৰ উন্মোচন কৰে ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে।

 

চিকিৎসা তথা চকু পৰীক্ষা উদ্বোধন কৰে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ নাজিৰুল ইছলামে। আজিৰ এই বিনামূলীয়া চিকিৎসাৰ শিৱিৰত শতাধিক পুৰুষ-মহিলাৰ চকু পৰিক্ষা কৰা হয়। কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ এই জনহিতকৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে কলগাছিয়া মহকুমা সাংবাদিক সংস্থাক বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজে ভুয়সী প্ৰশংসা কৰা দেখা গৈছে।

 

আজিৰ এই চকু চিকিৎসা শিৱিৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ আবু ছায়েদ আকতাৰ, নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোজাম্মিল হুছেইন, অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ছোৰমান আলী,কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ উপদেষ্টা আতোৱাৰ ৰহমান আৰু আব্দুল হাইৰ লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।