দৰঙৰ দলগাঁৱত সমাজ কল্যাণ বিভাগৰ ফোপালা স্বৰূপ: গোহালিসদৃশ পৰিবেশত শিক্ষাগ্ৰহণ কণ কণ‌ ছাত্ৰ-ছাত্ৰীৰ

 06/17/2019 - 18:39

দলগাঁও: ৰাজ্যৰ অঙ্গনবাদী কেন্দ্ৰ যেন এতিয়া বিপদজনক হৈ পৰিছে কণ কণ‌ ছাত্ৰ-ছাত্ৰীৰ বাবে। দৰং জিলা দলগাঁৱত কেইবাটাও অঙ্গনবাদী কেন্দ্ৰই উদঙাই দিছে সমাজ কল্যাণ বিভাগৰ প্ৰকৃত স্বৰূপ। দৰং জিলাৰ শিশু উন্নত খণ্ডৰ অধীনত থকা কোনাকাটাপাৰা গাঁৱত থকা অঙ্গনবাদী কেন্দ্ৰকেইটাত ছাত্ৰ ছাত্ৰীসকলে বহুদিনৰে পৰা ভুগি আহিছে যমৰ-যন্ত্রণা। কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ তথা বিধায়ক ইলিয়াছ আলী কিম্বা কোনো ৰাজনৈতিক দল সংগঠনৰ। অলপ বৰষুণ দিলেই কেন্দ্রটোত বন্ধ কৰিবলগীয়া হয় পাঠদান। আৰম্ভণিৰে পৰা চলি আহিছে গোহালি ঘৰত শিক্ষাদান।

যিকোনো মূহুৰ্ততে দুৰ্ঘটনাত পতিত হ'ব পাৰে কন কন শিশু তথা খহি পৰিব পাৰে কেন্দ্ৰটোৰ টিনপাত, বেৰ আদি। ইফালে খোৱা খাদ্য যোগান ধৰা হয় যদিও লেতেৰাময় পৰিৱেশত খাদ্য গ্ৰহণ কৰিবলগীয়া হয় শিক্ষাৰ্থীসকলে। যি সময়ত চৰকাৰে কোটি কোটি টকা কন কন শিশুসকলৰ খেলৰ সামগ্ৰীৰ নামত ব্যয় কৰি আছে কিন্তু সকলোৱে যেন ভেকোভাওনাত পৰিণত এইখন কোনাকাটাপাৰা গাঁৱত থকা অঙ্গনবাদী কেন্দ্ৰসমূহত। ইফালে আকৌ বৰষুণ, ৰ'দৰ ফলত অঙ্গনবাদী কেন্দ্ৰটোত সপ্তাহত এদিন বা দুদিনহে পাঠদান কৰে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে।

যি সময়ত চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰিছে তেনে সময়ত এই অঙ্গনবাদী কেন্দ্ৰটোৰ দুৰৱস্থাই সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। অঙ্গনবাদী কেন্দ্ৰটোৰ এনে পয়া লগা অৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰক কাতৰ অনুৰোধ জনাইছে অভিভাৱকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।